যোৰহাট, 2 মে’: তিতাবৰ মহকুমাৰ অন্তৰ্গত বৰহোলাত পাঁচ দিন ধৰি এটিএম বিকল হৈ আছে ৷ কাণ সাৰ নাই বেংক কৰ্তৃপক্ষৰ । এটিএম বিকল হোৱাৰ পৰা গ্ৰাহকে জীয়াতু ভূগিছে । বৰহোলাত আজি পাঁচ দিন ধৰি এটিএম বিকল হোৱা বাবে গ্ৰাহকৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে ৷ বৰহোলাত চাৰিটা এটিএম আছে, এটা ইউবিআই বেংকৰ আৰু তিনিটা এচবিআইৰ কিন্তু এটাও ভাল নোহোৱাৰ বাবে বৰহোলাৰ ৰাইজে জীয়াতো ভূগিছে ।
বিকল এটিএম, গ্ৰাহকৰ হাহাকাৰ - এচবিআই
বৰহোলাত চাৰিটা এটিএম আছে, এটা ইউবিআই বেংকৰ আৰু তিনিটা এচবিআইৰ কিন্তু এটাও ভাল নোহোৱাৰ বাবে বৰহোলাৰ ৰাইজে জীয়াতু ভূগিছে ।
বিকল এটিএম, গ্ৰাহকৰ হাহাকাৰ
লগতে পঢ়ক: যুৱকক অপহৰণ , হাজিৰা কৰা পিতৃৰ পৰা আঢ়ৈ লাখ টকা দাবী
বহুত এটিএমৰ যান্ত্ৰিক বিজুতিৰ বাবে টকা এটিএমত লাগি ধৰে যাৰ ফলত গ্ৰাহকে টকা নাপায় ৷ পৰৱৰ্তী সময়ত এই বিষয়ে বেংকৰ পৰাও আশানুৰুপ সঁহাৰি লাভ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী গ্ৰাহক ৰাইজে ৷