অসম

assam

ETV Bharat / state

উদ্যান শস্যৰ সঠিক তথ্য আহৰণত গুৰুত্ব আৰোপ - central govt Horticulture Commissioner

অসম কৃষি বিশ্ববিদ্যালয়ত দেশৰ কেন্দ্ৰীয় উদ্যান শস্য সঞ্চালকৰ লগতে উত্তৰ পূৱৰ ৰাজ্যিক উদ্যান শস্য সঞ্চালক পৰিসংখ্যা সঞ্চালকৰ কৰ্মশালা সম্পন্ন(Workshop of Directors of Statistics in Jorhat)। উপযুক্ত নীতি নিৰ্ধাৰণৰ দিশত কেনেদৰে আগবাঢ়িব সেইবিষয়ে আলোচনাৰ বাবে বিশেষ কৰ্মশালাৰখনৰ আয়োজন কৰা হয় ।

Workshop of Directors of Statistics in Jorhat
উদ্যান শস্যৰ সঠিক তথ্য আহৰণত গুৰুত্ব আৰোপ

By

Published : Aug 24, 2022, 6:11 PM IST

যোৰহাট, ২৪ আগষ্ট: যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ত(Assam Agricultural University)বুধবাৰে অসম তথা উত্তৰ-পূৱ ভাৰতৰ উদ্যান শস্যৰ সম্পদ,সম্ভাৱনা আৰু পৰিসংখ্যা সন্দৰ্ভত এক কৰ্মশালা(workshop on horticulture potential)অনুষ্ঠিত হয় । উক্ত কৰ্মশালাত ভাৰত চৰকাৰৰ উদ্যান শস্য আয়ুক্ত(Commissioner of Horticulture)তথা উত্তৰ-পূৱ ভাৰতৰ উদ্যান শস্য সঞ্চালক(Director of North East Horticulture)আৰু পৰিসংখ্যা সঞ্চালকসকলে অংশগ্ৰহণ কৰে ।

উদ্যান শস্যৰ সঠিক তথ্য আহৰণত গুৰুত্ব আৰোপ

উদ্যান শস্যৰ দিশত সঠিক তথ্য আহৰণৰ জৰিয়তে উপযুক্ত নীতি নিৰ্ধাৰণৰ দিশত কেনেদৰে আগবাঢ়িব সেইবিষয়ে আলোচনাৰ বাবে বিশেষ কৰ্মশালাৰখনৰ আয়োজন কৰা হয় । উত্তৰ-পূবৰ ৰাজ্যকেইখনৰ লগতে ছিকিমৰ কৃষি উদ্যানশস্য বিভাগৰ সঞ্চালকসকলৰ উপস্থিতিত অনুষ্ঠিত কৰ্মশালাখনত ভাৰত চৰকাৰৰ উদ্যানশস্য আয়ুক্ত(central govt Horticulture Commissioner)ড৹প্ৰভাত কুমাৰো উপস্থিত থাকে । ভাষণ প্ৰসংগত কুমাৰে কয় যে যথোপযুক্ত তথ্য সংগ্ৰহৰ জৰিয়তে এক প্ৰাথমিক আধাৰ তৈয়াৰ কৰিব লাগিব । তেতিয়াহে ইয়াৰ জৰিয়তে সৰ্বসাধাৰণ উপকৃত হ'ব পৰাকৈ সঠিক আচনি আৰু পুজি আৱন্টনৰ দিশত প্ৰণালীবদ্ধভাবে আগবাঢ়িব পৰা যায় । সংখ্যাগত সংযোজক হিচাপে তথ্য সংগ্ৰহৰ দিশত উপযোগীতাৰ সীমাৰেখা নিৰ্ণয় কৰি সঠিক চিন্তাৰে তথ্য পৰিশোধনৰ ওপৰত গুৰুত্ব দিব লাগিব বুলি তেওঁ কয় ।

বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ সভাগৃহত অনুষ্ঠিত উক্ত অনুষ্ঠানটোত আদৰণি ভাষণত ভাৰত চৰকাৰৰ উদ্যানশস্য পৰিসংখ্যা বিভাগৰ উপদেষ্টা চিএফ জোচেফে কয় যে তথ্য সংগ্ৰহত স্পৰ্শকাতৰভাবে সমন্বিত প্ৰয়াসেৰে আগবাঢ়িব লাগিব । তেতিয়াহে তথ্যৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখি আগুৱাই যাব পৰাতো সম্ভৱ হ'ব । তদুপৰি সিদ্ধান্ত গ্ৰহণটো সহায়ক হ'ব বুলি তেওঁ কয় । পৰিসংখ্যা বিভাগৰ উপদেষ্টাগৰাকয়ে পুনৰ কয় যে বিশ্বাসযোগ্য তথ্য আহৰণৰ বিপৰীতে অশুদ্ধ তথ্যই দেশৰ উৎপাদিকা শক্তিৰ দিশতো প্ৰভাৱ বিস্তাৰ কৰে ।

r

ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ বিভাগ নতুন দিল্লীৰ উদ্যানশস্য পৰিসংখ্যা শাখা তথা কৃষি আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তামোল আৰু মছলা উন্নয়ন সঞ্চালকালয় কালিকত,কেৰালাৰ উদ্যোগত আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যান বিজ্ঞান বিভাগৰ সামগ্ৰিক ব্যৱস্থাপনাত অনুষ্ঠিত অনুষ্ঠানটোত ভাষণ প্ৰসংগত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹বিদ্যুত চন্দন ডেকাই তথ্য সংগ্ৰহত শেহতীয়া তথ্যপ্ৰযুক্তিৰ উপলব্ধতাৰ বিষয়ে বক্তব্য আগবঢ়ায় । তথ্য সংগ্ৰহত উপগ্ৰহৰ ব্যৱহাৰ,ড্ৰোণ প্ৰযুক্তি,জি আই এছ আৰু জি পি এৰ সমন্বয় তথা ম'বাইলৰ সংযুক্তকৰণলৈকে সমগ্ৰ প্ৰক্ৰিয়াত পূৰ্বতকৈ সঠিক আৰু শুদ্ধ তথ্য লাভ কৰাটো কেনেকৈ উপযোগী বিবেচিত হৈছে সেই বিষয়ে বাখ্যা আগবঢ়াই ।

উদ্যান বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড৹ সৌমিত্ৰ গোস্বামীয়ে আঁত ধৰা শুভাৰম্ভনি অনুষ্ঠানটোত অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালক অশোক ভট্টাচাৰ্যয়ো বক্তব্য আগবঢ়ায় । উক্ত অনুষ্ঠানতে অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালকালয়ে প্ৰকাশ কৰা উদ্যান শস্যৰ কৃষি প্ৰণালীৰ পাঁচখন পুস্তিকাও উন্মোচন কৰা হয় ।

অনুষ্ঠানটোত ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ বিভাগৰ উপ সঞ্চালক পংকজ কুমাৰ, কণিষ্ঠ পৰিসংখ্যা বিষয়া সৌম্য শ্ৰীবাস্তৱ, তামোল আৰু মছলা উন্নয়ন সঞ্চালকালয়ৰ উপ-সঞ্চালক বাবুলাল মীনা, সহকাৰী সঞ্চালক দিব্যা চি ভি, তামোল আৰু মছলা উন্নয়ন সঞ্চালকালয়ৰ সঞ্চালক ড৹হমি চেৰিয়ান,পৰিসংখ্যা অনুসন্ধানকাৰী কে মনোজ কুমাৰ,অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগী সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড°ৰঞ্জিত কুমাৰ সাউদ, উদ্যান বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড৹উৎপল কটকী আদিয়ে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক:কোকৰাঝাৰ ধুবুৰী সীমান্তত তীব্ৰ উত্তেজনা

ABOUT THE AUTHOR

...view details