যোৰহাট, 2 চেপ্তেম্বৰ:লতা, হাবিৰে ভৰি জৰাৰ্জীণ হৈ পৰিছে যোৰহাটৰ একমাত্ৰ ষ্টেডিয়ামটো ৷ বিগত 7 মাহে কৰ'ণাৰ বিৰুদ্ধে অব্যাহত আছে মহাযুঁজ ৷ এই সময়খিনিতে পৰিচৰ্যাৰ অভাৱত এতিয়া জৰাৰ্জীণ ৰূপ লৈছে যোৰহাটৰ ষ্টেডিয়াম খনে ৷
পৰিচৰ্যাৰ অভাৱত জৰাজীৰ্ণ হৈ পৰিছে যোৰহাট ষ্টেডিয়াম - ৰঞ্জী ট্ৰফী
কৰ'ণা মহামাৰীৰ কবলত যোৰহাটৰ একমাত্ৰ ঐতিহাসিক ষ্টেডিয়াম ৷ পৰিচৰ্যাৰ অভাৱত এতিয়া জৰাৰ্জীণ ৰূপ লৈছে যোৰহাটৰ ষ্টেডিয়াম খনে ৷
১৯৫০ চনতে স্থাপন হোৱা যোৰহাটৰ একমাত্ৰ ষ্টেডিয়াম খনতে অনুষ্ঠিত হৈছিল ৰঞ্জী ট্ৰফীৰ খেল ৷ গৌৰৱোজ্জ্বল যোৰহাট ষ্টেডিয়ামতে একালত ৰঞ্জী ট্ৰফী খেলিছিল স্বনামধন্য ক্ৰিকেট খেলুৱৈ সকলে ৷ আনকি ফুটবলৰ ক্ষেত্ৰতো যোৰহাট ষ্টেডিয়ামত খনতে জনপ্ৰিয় খেলুৱৈৰ দুভৰিৰ যাদুই মুগ্ধ কৰিছিল দৰ্শকক ৷ কিন্তু এতিয়া সেইবোৰ সকলো অতীত ৷ কাৰণ এতিয়া যোৰহাট ষ্টেডিয়ামো পৰিছে কৰ'ণা মহামাৰীৰ কবলত ৷ কৰ'ণা মহামাৰীৰ বাবে বিগত 7 টা মাহে পৰিচৰ্যাৰ অভাৱত যেন দলনিলৈ পৰিৱৰ্তন হৈছে ঐতিহ্যমণ্ডিত ষ্টেডিয়াম খন ৷
লগতে পঢ়ক:ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ: বিজুলীৰ পোহৰ পৰিল জাঁজীমুখৰ ফুকনবাৰীত