অসম

assam

ETV Bharat / state

গড়কাপ্তানী পথ মেৰামতিৰ দাবীৰে ওলাই আহিল মহিলা - মানৱ শৃংখল

এজাৰগুৰিৰ পৰা কাৱৈমাৰী সংযোগী জাঁজীমুখলৈ বিস্তৃত হৈ থকা একমাত্ৰ গড়কাপ্তানী পথটো সুচল কৰাৰ দাবীৰে দেওবাৰে ৰাজপথলৈ ওলাই আহিল স্থানীয় মহিলাসকল ৷

মানৱ শৃংখল কাৰ্যসূচী
মানৱ শৃংখল কাৰ্যসূচী

By

Published : Jul 19, 2020, 10:37 AM IST

টীয়ক, 19 জুলাই:টীয়কৰ এটা বান বিধ্বস্ত অঞ্চল এজাৰগুৰি ৷ বানপিড়ীত বৃহত্তৰ অঞ্চলটোৰ একমাত্ৰ যাতায়াতৰ পথ হ'ল এজাৰগুৰিৰ পৰা কাৱৈমাৰী সংযোগী জাঁজীমুখলৈ বিস্তৃত হৈ থকা গড়কাপ্তানী পথটো ৷ বান, কৰ'ণা আদিৰ বিভীষিকাৰ মাজতে বৃহত্তৰ এজাৰগুৰি অঞ্চলৰ ৰাইজ সম্প্ৰতি ভাৰাক্ৰান্ত একমাত্ৰ গড়কাপ্তানী পথটোক লৈ ৷ যাৰ বাবে দেওবাৰে ৰাজপথত সম্পূৰ্ণ স্বাস্থ্য বিধি মানি সামাজিক দূৰত্ব বৰ্তাই, এক মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰে স্থানীয় মহিলা সকলে ৷

এটা জৰাজীৰ্ণ পথক লৈ দীৰ্ঘদিনে দুৰ্ভোগ ভুগি আহিছে এজাৰগুৰিৰ ৰাইজে

উল্লেখ্য যে, এজাৰগুৰিৰ গড়কাপ্তানী পথটোৰ বাবে দীৰ্ঘদিন ধৰি দুৰ্ভোগ ভুগি আহিবলগীয়া হৈছে স্থানীয় বাসিন্দা সকলে ৷ আনকি একো-একোটা পুখুৰী সদৃশ গাঁত থকা সেই পথত বহুবাৰ সংঘটিত হৈছে দুৰ্ঘটনাও ৷ জীয়াতু ভুগিবলগীয়া হৈছে স্কুলীয়া ছাত্ৰ-ছাত্ৰী সকলেও ৷ কোনো গুৰুতৰভাৱে অসুস্থ লোকক চিকিৎসালয়লৈ নিয়াৰ ক্ষেত্ৰতো বহু অসুবিধাৰ সন্মুখীন হৈ আহিছে স্থানীয় লোকসকল ৷ এই মূলপথৰ লগত সংযোগী প্ৰায় 30 খন গাঁৱলৈ যোৱা উপ পথসমূহৰো অৱস্থা সম্প্ৰতি শোচনীয় ৷ সেয়ে স্থানীয় মহিলালকলে ৰাজপথলৈ ওলাই আহি দেওবাৰে, তেওঁলোকৰ একমাত্ৰ যাতায়াতৰ পথটো সুচল কৰি দিবলৈ অনুৰোধ জনায় চৰকাৰক ৷

লগতে পঢ়ক:অৰুণাচল প্ৰদেশৰ বিধায়ক ক’লনিক ক’ভিড চিকিৎসালয়লৈ ৰূপান্তৰ কৰাক লৈ বিৰোধিতা

ABOUT THE AUTHOR

...view details