অসম

assam

By

Published : Dec 19, 2021, 12:41 PM IST

ETV Bharat / state

Diabetic Friendly Rice Labanya launched : বজাৰলৈ আহিল লাবণ্য

অসমৰ কৃষি ইতিহাসত অনন্য সংযোজন । শুকুৰবাৰৰে পৰা বজাৰত উপলব্ধ হৈছে ক'লা চাউলৰ ব্ৰেণ্ড 'লাবণ্য' (Diabetic Friendly Rice Labanya launched) ৷ কৃষিমন্ত্ৰী অতুল বৰাৰ (Agriculture Minister Atul Bora launch new rice brand) উপস্থিতিত অসম কৃষি বিশ্ববিদ্যালয়ত অনুষ্ঠিত কৃষক মেলাৰ জৰিয়তে বজাৰলৈ মুকলি কৰি দিয়া হয় চাউলবিধ ৷

diabetic-friendly-rice-labanya-brand-launched-in-assam
বজাৰলৈ আহিল 'লাবন্য'

যোৰহাট, 19 ডিচেম্বৰ :এতিয়াৰে পৰা অসমৰ বজাৰত উপলব্ধ হ’ব নতুন ক’লা চাউল 'লাবণ্য' (Diabetic Friendly Rice Labanya launched) । অসম কৃষি বিশ্ববিদ্যালয়ৰ নিজা ব্ৰেণ্ডত (Assam Agricultural University own brand Labanya) তিতাবৰ আঞ্চলিক ধান গৱেষণা কেন্দ্ৰই উদ্ভাৱন কৰা ক'লা চাউল লাবণ্য শনিবাৰে বজাৰলৈ মুকলি কৰি দিয়ে ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাই (Agriculture Minister Atul Bora in jorhat) ।

কৃষক মেলাত উপস্থিত মন্ত্ৰী অতুল বৰা

অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাৰ উপস্থিতিত গোলাঘাটৰ বুঢ়ালিকচনৰ কুঁহিয়াৰ গৱেষণা কেন্দ্ৰত অনুষ্ঠিত কৃষক মেলাত এই নতুন ক’লা চাউলৰ ব্ৰেণ্ডটি উন্মোচন কৰা হয় ৷ ব্ৰেণ্ডটি উন্মোচন কৰি কৃষি মন্ত্ৰী অতুল বৰাই কয় যে, "এই চাউলে অসমৰ কৃষিক্ষেত্ৰত নতুনত্বৰ ধাৰা বহন কৰিব । অধিক সুস্বাদু আৰু পুষ্টিকৰ বুলি গৱেষণাত প্ৰমাণিত হোৱা ক’লা চাউলবিধে অনাগত দিনত অসমৰ সামগ্ৰিক কৃষিক্ষেত্ৰক সমৃদ্ধ কৰিব" বুলিও মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে ৷

ক’লা চাউলৰ নতুন ব্ৰেণ্ড লাবণ্য মুকলি

অনুষ্ঠানত বক্তব্য ৰাখি অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাই কয় যে, "আমাৰ বিজ্ঞানীসকলে দীৰ্ঘদিনৰ গৱেষণাৰ জৰিয়তে এই ধানৰ জাত উদ্ভাৱন কৰিছে । এই ধানবিধ অধিক উৎপাদনক্ষম হোৱাৰ লগতে পুষ্টিৰ ফালৰ পৰা তুলনামুলকভাৱে অধিক এণ্টি অক্সিডেণ্ট, প্ৰ’টিন আৰু আইৰণ সমৃদ্ধ ।

মধুমেহ ৰোগীৰ বাবেও বিশেষভাৱে উপযোগী এই চাউল (Diabetic Friendly Rice Labanya launched) । লাৱণ্য সচৰাচৰ ক'লা চাউলত থকাৰ দৰে আঠা নাথাকে আৰু সাধাৰণভাৱে ইয়াক ভাত খাব পৰা যায় । তদুপৰি ই হ'ব সুগন্ধিযুক্ত । সেয়ে এই আটাইবোৰ গুণৰ ভিত্তিত বিশ্বৰ ভিতৰতে এইটো প্ৰথম জাত বুলি ক'ব পাৰি । অনাগত দিনত অসমৰ কৃষকে এই ধানৰ জৰিয়তে বিশ্বৰ বজাৰত খোজ পেলোৱাৰ অংশীদাৰ হ'ব পাৰিব" ।

ডায়েবেটিছ ৰোগীৰ বাবে উপযোগী এই চাউল

কৃষক মেলা উপলক্ষে আয়োজিত অনুষ্ঠানটোৰ সভাৰ উদ্দেশ্য বাখ্যা কৰে বুঢ়ালিকচন কুঁহিয়াৰ গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ড° তুলসী প্ৰসাদ শইকীয়াই । তদুপৰি এই অনুষ্ঠানত উপস্থিত থাকে অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালক ড° অশোক ভট্টাচাৰ্য, সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড° প্ৰসন্ন কুমাৰ পাঠক, সামূহিক বিজ্ঞান গুৰু ড° ডেইজী হাজৰিকা, তিতাবৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ড° সঞ্জয় কুমাৰ চেতিয়া, প্ৰগতিশীল কৃষক পল্লৱ গগৈৰ লগতে বহুসংখ্যক বিজ্ঞানী আৰু কৃষক ৷

লগতে পঢ়ক :আঘোণৰ পথাৰত এতিয়া ন-খোৱা উৎসৱ

ABOUT THE AUTHOR

...view details