হাতত ঢোললৈ মঞ্চৰ বাবে সাজু টীয়কৰ যুৱতী - সংযুক্তাশ্ৰী বৰা
বিহু মঞ্চত ঢোল বাদনৰে দৰ্শক তথা শ্ৰোতাক আকৰ্ষণ কৰিবলৈ সাঁজু হৈছে যুৱতী গৰাকী ৷ যাৰ বাবে টীয়ক চাউদাং গাঁৱৰ যুৱতী গৰাকীয়ে ঘৰৰ চোতালত পূৰ্ণ গতিত চলাইছে প্ৰস্তুতি

হাতত ঢোললৈ মঞ্চৰ বাবে সাজু টীয়কৰ যুৱতী
যোৰহাট, 10 এপ্ৰিলঃ ৰাজ্যত এতিয়া ৰঙালীক আদৰাৰ প্ৰস্তুতি ৷ ৰঙালীৰ ৰঙত ডুব যাবলৈ সাজু হৈছে নাচনী-ঢুলীয়া ৷ কিন্তু এক ব্যতিক্ৰমী ৰূপত এইবাৰ ৰঙালীৰ মঞ্চলৈ বুলি সাজু টীয়কৰ যুৱতী সংযুক্তাশ্ৰী বৰা ৷ বিহুৰ মঞ্চত ঢোল বাদনেৰে দৰ্শক তথা শ্ৰোতাক আকৰ্ষণ কৰিবলৈ সাজু হৈছে যুৱতীগৰাকী ৷ যাৰ বাবে টীয়ক চাউদাং গাঁৱৰ যুৱতী গৰাকীয়ে ঘৰৰ চোতালত পূৰ্ণ গতিত চলাইছে প্ৰস্তুতি ৷
হাতত ঢোললৈ মঞ্চৰ বাবে সাজু টীয়কৰ যুৱতী