অসম

assam

By

Published : Mar 28, 2020, 9:44 PM IST

ETV Bharat / state

ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ পুঁজিৰ পৰা অসম চৰকাৰলৈ একলাখ টকাৰ অনুদান

মহামাৰী কৰ'ণা ভাইৰাছৰ পৰা অসমক ৰক্ষা কৰিবলৈ তৎপৰ হৈ পৰিছে ৰাজ্যিক চৰকাৰ ৷ কোনো কোনোৱে কৰ'ণা ভাইৰাছৰ সৈতে যুঁজ দিবলৈ সাহায্য আগবঢ়াইছে অসম চৰকাৰৰ সাহায্য পুঁজিলৈ ৷ লক্ষণীয়ভাৱে ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰৰ পুঁজিৰ পৰা অসম চৰকাৰৰ কৰ'ণা ভাইৰাছৰ সাহায্য পুঁজিলৈ আগবঢ়োৱা হৈছে একলাখ টকাৰ অনুদান ৷

dhakiakhuwa-bornamghar
ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ

টীয়ক,28 মাৰ্চঃ বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা মহামাৰী কৰ'ণা ভাইৰাছৰ প্ৰতি লক্ষ্য ৰাখি সম্ভাৱ্য বিত্তীয় দিশৰ জোৰা মাৰিবলৈ অসম চৰকাৰৰ সহায় হোৱাকৈ কৰ'ণা ভাইৰাছৰ সাহায্য পুঁজিলৈ যোৰহাট জিলাৰ টীয়কৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা প্ৰতিষ্ঠিত ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিয়ে শনিবাৰে যোৰহাট জিলাৰ উপায়ুক্তৰ যোগেদি একলাখ টকাৰ আৰ্থিক অনুদান আগবঢ়াইছে ।

ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ পুঁজিৰ পৰা অসম চৰকাৰলৈ একলাখ টকাৰ অনুদান

শুকুৰবাৰে ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিৰ সভাপতি আৰু সম্পাদকে সংবাদ মাধ্যমৰ সন্মুখত একলাখ টকাৰ অনুদান আগবঢ়োৱা সম্পৰ্কে আনুষ্ঠানিকভাৱে ঘোষণা কৰে।
লগতে পঢ়কঃৰাজ্য চৰকাৰলৈ এক লাখ টকাৰ অনুদান যতীন বৰাৰ

ABOUT THE AUTHOR

...view details