অসম

assam

ETV Bharat / state

এজাক বৰষুণতে খহি পৰিল ঢেকীয়াখোৱা নামঘৰৰ পকী দেৱাল - dhakiakhua bornamghar

প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আধাৰশিলা স্থাপন কৰা "অসম দৰ্শন" আঁচনিৰ কাষতে দিহিং নদীৰ খহনীয়া ৰোধৰ বাবে এক কোটি নব্বৈ লাখ টকা ব্যয় সাপেক্ষে জলসম্পদ বিভাগে এখন আঁচনি গ্ৰহণ কৰে ৷ কিন্তু এজাক বৰষুণতে কোটি টকীয়া এই বেৰখন ভাগি পৰে ।

dhakiakhua bornamghar gurd wall
এজাক বৰষুণতে খহি পৰিল ঢেকীয়াখোৱা নামঘৰৰ পকী বেৰ

By

Published : May 22, 2021, 1:57 PM IST

যোৰহাট, 22 মে’ :অসমৰ অন্যতম পীঠস্থান যোৰহাট জিলাৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত সম্প্ৰতি চলিছে চৰকাৰী আঁচনিৰ নামত একাংশ ঠিকাদাৰৰ লুণ্ঠন । বিভিন্ন বিভাগৰ একাংশ বিষয়া ঠিকাদাৰৰ বাবে এই নামঘৰ এতিয়া হৈ পৰিছে সোণৰ কণী পৰা হাঁহ । উল্লেখ্য যে, তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, সৰ্বানন্দ সোণোৱাল, বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি বহু ৰাজনৈতিক ৰথী-মহাৰথীয়ে প্ৰত্যেক বছৰেই মহাপুৰুষ মাধৱদেৱে নিজহাতে প্ৰতিষ্ঠা কৰা এই নামঘৰটোলৈ আহি শৰাই নৈবদ্য আগবঢ়ায় । ঢেকীয়াখোৱা বৰনামঘৰলৈ এনে ৰাজনৈতিক নেতাৰ আগমনৰ পিছতে তেওঁলোকে নামঘৰ উন্নয়নৰ বাবে ঘোষণা কৰি যোৱা বিভিন্ন আঁচনি ৰূপায়ণৰ তৎপৰ হৈ পৰে বিভাগসমূহ ।

এজাক বৰষুণতে খহি পৰিল ঢেকীয়াখোৱা নামঘৰৰ পকী বেৰ

প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আধাৰশিলা স্থাপন কৰা "অসম দৰ্শন" আঁচনিৰ কাষতে দিহিং নদীৰ খহনীয়া ৰোধৰ বাবে এক কোটি নব্বৈ লাখ টকা ব্যয় সাপেক্ষে জলসম্পদ বিভাগে এখন আঁচনি গ্ৰহণ কৰে ৷ কিন্তু এজাক বৰষুণতে কোটি টকীয়া এই বেৰখন ভাগি পৰে । অভিযোগ অনুসৰি, বিভাগটোৰ বিষয়া ঠিকাদাৰে ঐতিহাসিক সম্পদটোৰ উন্নয়নতকৈ আৱন্টিত টকা আত্মসাৎ কৰাৰ স্বাৰ্থত অতি নিম্মমানৰ কাম সম্পাদনা কৰাৰ বাবেই এনেদৰে এজাক বৰষুণতে পকী বেৰখন খহি পৰাৰ অভিযোগ কৰিছে স্থানীয় লোকে । ইফালে জলসম্পদ বিভাগৰ ঠিকাদাৰৰ এনে নিম্মমানৰ কামৰ বাবে ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ । স্থানীয় ৰাইজে এনে কাণ্ডৰ তদন্তৰ লগতে ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা আঁচনি সঠিক ৰূপায়ন কৰাৰ ক্ষেত্ৰত জলসম্পদ মন্ত্ৰীক কঠোৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে ।

লগতে পঢ়ক :প্ৰায় এমাহ এদিনৰ অন্তত স্ব-ভূমিত উপস্থিত ৰিতুল শইকীয়া

ABOUT THE AUTHOR

...view details