অসম

assam

ETV Bharat / state

Dhekiakhowa Barnamghar: ঢেকীয়াখোৱা বৰনামঘৰত উদুলি-মুদুলি পৰিৱেশ - ঢেকীয়াখোৱা বৰনামঘৰত উদুলি মুদুলি পৰিৱেশ

উদুলি-মুদুলি পৰিৱেশ বিৰাজ কৰিছে ঢেকীয়াখোৱা বৰনামঘৰত । আজিৰে পৰা আৰম্ভ হ'ল মাধৱদেৱ প্ৰতিষ্ঠিত ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত মাহজোৰা পালনাম ।

Devotees throng Dhekiakhowa Barnamghar
ঢেকীয়াখোৱা বৰনামঘৰত উদুলি-মুদুলি পৰিৱেশ

By

Published : Aug 19, 2023, 2:05 PM IST

ঢেকীয়াখোৱা বৰনামঘৰত উদুলি-মুদুলি পৰিৱেশ

টীয়ক,১৯ আগষ্ট: আজি পহিলা ভাদ । আজিৰ পৰা অসমীয়াই পবিত্ৰ মাহৰ আৰম্ভণি । অসমৰ প্ৰতিখন সত্ৰ, পীঠ, নামঘৰত আজিৰ পৰা মাহযোৰাকৈ মহাপুৰুষ দুজনাৰ অমৰ সৃষ্টিৰাজিক চৰ্চা কৰিব অসমীয়া সমাজে । এই দৃশ্য পূব যোৰহাটৰ টীয়ক সমষ্টিৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱ প্ৰতিষ্ঠিত ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰৰ ।

আজিৰ পৰা ৰাজ্যৰ অনান্য পীঠ নামঘৰৰ সমান্তৰালকৈ ঢেকীয়াখোৱা বৰনামঘৰতো বৰনামঘৰ পৰিচালনা সমিতিৰ আতিথ্যত মাহযোৰাকৈ আয়োজন কৰা মহা পালনামৰ আজিৰ পৰা আৰম্ভ হ'ব । তাক লৈ এতিয়া সকলো ব্যস্ত হৈ পৰিছে । পূৰ্বৰ দৰে এইবাৰো ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা শুকুৰবাৰ অৰ্থাৎ সংক্ৰান্তিৰ দিনাৰ পৰাই এই ঐতিহাসিক পীঠত হাতে হাতে ধূপ,চাকি,নৈবদ্য লৈ ভক্তৰ সমাগম হোৱা পৰিলক্ষিত হৈছে ।

অক্ষয় বন্তিৰ সেৱা লৈছে, বছৰটো যেন কুশলে যায় তাৰ বাবে নেদেখাজনৰ চৰণত শৰণাপন্ন হৈছে ভক্তপ্ৰাণ ৰাইজে । ইপিনে বৰ নামঘৰ পৰিচালনা সমিতিয়েও ঢেকীয়াখোৱা বৰনামঘৰলৈ অহা কোনো ভকত বৈষ্ণৱে যাতে অহা যোৱা,গাড়ী ৰখা স্থান,খোৱা বোৱা,বিশুদ্ধ খোৱা পানী, প্ৰয়োজন সাপেক্ষে থকা, চিকিৎসকে ধৰি সকলো ব্যৱস্থা সুন্দৰকৈ ইতিমধ্য কৰিছে বুলি জানিবলৈ দিছে ।

লগতে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে এই মাহজোৰা পালনামত অংশগ্ৰহণ কৰি অক্ষয় বন্তিৰ সেৱা লবলৈ আহ্বান জনাইছে বৰনামঘৰ পৰিচালনা সমিতিয়ে । ইপিনে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ টীয়ক আঞ্চলিকে পবিত্ৰ ভাদমাহত ঢেকীয়াখোৱা বৰনামঘৰত সহায় হোৱাকৈ চৰকাৰী অনুমোদনপ্ৰাপ্ত পলিথিন আৰু ডাষ্টবিন প্ৰদান কৰি বৰনামঘৰৰ পৰিৱেশ নিকাকৰণৰ ক্ষেত্ৰত অৰিহণা যোগোৱা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক:Holy Bhada month : ভক্তি ৰসত বিলীন সত্ৰনগৰী মাজুলী

ABOUT THE AUTHOR

...view details