টীয়ক, 21 আগষ্ট: আজি ভাদ মাহৰ পহিলাটো দেওবাৰ (Spiritual month of Bhada)। ভাদ মাহ উপলক্ষে হৰিনামেৰে মুখৰিত হৈ পৰিছে ৰাজ্যৰ সত্ৰ–নামঘৰসমূহ । টীয়কৰ ঐতিহাসিক মহাপুৰুষ মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰতো যথেষ্ট ভিৰ পৰিলক্ষিত হয় (Devotees come in Dhekiakhowa Barnamghar)। পুৱাই খোল–তাল–ডবা–শংখৰ ধ্বনিৰে মুখৰিত হ’ল ঢেকীয়াখোৱা বৰনামঘৰ ।
ভাদ মাহৰ পহিলাটো দেওবাৰ ভক্তৰ লানি নিচিগা সোঁত বৈছে ঢেকীয়াখোৱা বৰনামঘৰত অসমৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱে পুৱাৰে পৰা ভিৰ কৰে নামঘৰ প্ৰাংগণত (Dhekiakhowa Barnamghar)। হাতে হাতে শৰাই, নৈবদ্য, চাকি-ধূপ লৈ নেদেখাজনৰ চৰণত সেৱা লয় । নিজ নিজ পৰিয়াল তথা ইষ্ট-কুটুম্ব লগ বন্ধুৰ সৈতে এই তীৰ্থস্থানলৈ আহি সকলোৰে মংগল কামনা কৰে ।
উল্লেখযোগ্য যে আজি ঢেকীয়াখোৱা বৰনামঘৰৰ আশীৰ্বাদ বিচাৰি ৰাজ্যৰ বিভিন্নজন ভকত বৈষ্ণৱৰ লগতে অসমৰ অন্যতম জনপ্ৰিয় অভিনেতা বেহাৰবাৰী আউটপোষ্টৰ ৰাকেশে পৰিয়ালসহ সুদুৰ গুৱাহাটীৰ পৰা উপস্থিত হৈ ভগৱানৰ চৰণত সেৱা লয় (Beharbari Outpost Actor Rakesh)। নিজৰ লগতে ৰাজ্যৰ সকলোৰে কুশল মংগল কামনা কৰিছে অভিনেতাগৰাকীয়ে ।
এই নামঘৰে গুৰুজনাৰ আদৰ্শৰে একেডাল জৰীৰে বৃহত্তৰ অসমীয়া জাতিটোক বান্ধি জাতি মাটি ভেটি ৰক্ষাৰ ক্ষেত্ৰত অৰিহণা যোগাব বুলি আশা প্ৰকাশ কৰে জনপ্ৰিয় অভিনেতাগৰাকীয়ে ।
লগতে পঢ়ক:পৱিত্ৰ ভাদ মাহৰ ভক্তি ৰসত বুৰ গৈছে ঐতিহাসিক বৰভেটি