অসম

assam

ETV Bharat / state

২৮ দিনৰ পিছতো দোষীয়ে নাপালে শাস্তি: মুখ্যমন্ত্ৰীৰ নিৰ্দেশক বুঢ়াআঙুলি - ৰাষ্ট্ৰীয় মানৱ অধিকাৰ সংগ্ৰাম সমিতি

আৰক্ষী নিৰ্যাতনৰ পৰিণামস্বৰূপে আত্মহননৰ পথ বাছি লৈছিল দেৰগাঁও দ'লমুখৰ প্ৰয়াত অজয় দত্তই । মৃত্যুৰ পূৰ্বে অজয়ে ছ’চিয়েল মিডিয়াত সমগ্ৰ ঘটনা উল্লেখ কৰিছিল ৷ ইয়াৰ পাচতেই মুখ্যমন্ত্ৰীৰ নিৰ্দেশত অসম আৰক্ষীৰ গৃহ বিভাগে সমগ্ৰ ঘটনাৰ উচিত তদন্তৰ নিৰ্দেশ দিয়ে ৷ কিন্তু যুৱকজনৰ মৃত্যুৰ ২৮ দিনৰ পাচতো আজি পৰ্যন্ত পৰিয়ালৰ লোকে নাপালে ন্যায় ৷

Dergaon Suicide Case
সুদীৰ্ঘ ২৮ দিনৰ অপেক্ষা অন্ততটো নাপালে দোষীয়ে শাস্তি

By ETV Bharat Assamese Team

Published : Nov 20, 2023, 5:06 PM IST

অজয় দত্ত পৰিয়ালৰ সংবাদমেল

যোৰহাট, ২০ নৱেম্বৰ: আৰক্ষীৰ অকৰ্থ্য নিৰ্যাতনৰ পাচত ছ'চিয়েল মিডিয়াত সমগ্ৰ ঘটনা বিৱৰি চৰমপন্থা বাছি লোৱা দেৰগাঁও দ’লমুখৰ অজয় দত্তৰ পৰিয়ালৰ লোক আজিও ন্যায়ৰ অপেক্ষাত আছে ৷ যুৱকজনৰ মৃত্যুৰ পাচত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমগ্ৰ ঘটনাৰ উচিত তদন্তৰ নিৰ্দেশ দিয়ে ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাচতেই কঠোৰ হৈছিল আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং তথা অসম আৰক্ষীৰ গৃহ বিভাগ । আৰক্ষী প্ৰধানৰ নিৰ্দেশৰ পিচত ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰি দোষীক উচিত শাস্তি প্ৰদানৰ প্ৰতিশ্ৰুতি দিছিল গোলাঘাট আৰক্ষী অধীক্ষক ৰাজেন সিঙে ৷

ইয়াৰ পাচতেই গোলাঘাট আৰক্ষী অধীক্ষক ৰাজেন সিঙে প্ৰয়াত অজয় দত্তৰ বাসগৃহত উপস্থিত হৈ দোষীক উচিত শাস্তি প্ৰদানৰ প্ৰতিশ্ৰুতি দিছিল যদিও আজিকোপতি উক্ত প্ৰতিশ্ৰুতি ৰক্ষা নকৰিলে অসম আৰক্ষীৰ গৃহ বিভাগে । ইফালে উক্ত ঘটনা সন্দৰ্ভত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ সংগ্ৰাম সমিতিয়ে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগত তৰিছিল গোচৰ । ঘটনা সন্দৰ্ভত দেৰগাঁও আৰক্ষী থানা যান-বাহন নিয়ন্ত্ৰণ শাখা আৰক্ষী কনিষ্টবল আৰু এজন আৰক্ষী বাহন চালকৰ নাম সাঙোৰ খাইছিল যদিও আজিকোপতি কোনোধৰণৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভ পৰিয়ালৰ আৰু ৰাষ্ট্ৰীয় মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ ।

কিন্তু মুখ্যমন্ত্ৰীৰ নিৰ্দেশক দেৰগাঁও আৰক্ষীয়ে কোনো গুৰুত্ব নিদিয়া অভিযোগ উত্থাপিত কৰিছে মৃত অজয় দত্তৰ দুৰ্ভগীয়া মাতৃয়ে ৷ মৃত পুত্ৰৰ শোকত এতিয়া মাথোঁ উচুপি উচুপি কান্দি কেৱল ন্যায় বিচাৰিছে অজয়ৰ মাতৃয়ে ৷ দুৰ্ভগীয়া মাতৃগৰাকীৰ অভিযোগ, এই ঘটনা সন্দৰ্ভত কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই আৰক্ষীয়ে ৷ অজয় দত্তই ন্যায় নাপালে আৰক্ষী থানাত চৰমপন্থা বাছি লোৱাৰ হুংকাৰ দিয়ে তেওঁৰ মাতৃয়ে ৷ ইফালে অজয় দত্তৰ ভাতৃয়ে আৰক্ষীৰ ভূমিকাক সমালোচনা কৰি অভিযুক্তৰ লগত গোপন মিতিৰালিৰে এই বিষয়টো গাপ দিয়াৰ চেষ্টা কৰা বুলি অভিযোগ তুলিছে ৷

উল্লেখ্য যে, বিজয়া দশমীৰ দিনা পূজাৰ মেলালৈ আহোতে বিয়লি পথৰ মাজত সূত্ৰপাত হোৱা এক কাজিয়াৰ ফলস্বৰূপে আৰক্ষীয়ে অজয় দত্তক কৰায়ত্ত কৰি ৰাজহুৱাভাৱে প্ৰহাৰ কৰে ৷ ইমানতেই ক্ষান্ত নাথাকি অজয়ক গাড়ীত উঠাই লৈ যায় আৰু শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ কৰি প্ৰায় দুঘন্টাৰ পাচত ঘৰৰ কোনো লোকক অৱগত নকৰাকৈ এৰি দিয়ে । আৰক্ষীয়ে বিনা কাৰণত কৰা দুৰ্ব্যৱহাৰ আৰু ৰাজহুৱাভাৱে অত্যাচাৰ কৰা সকলো বিৱৰি ছ'চিয়েল মিডিয়াত এক ভিডিঅ’ আপলোড কৰাৰ লগতে চৰমপন্থা গ্ৰহণ কৰে ৷

লগতে পঢ়ক:Dergaon Suicide Case : মৃত পুত্ৰৰ ন্যায় বিচাৰি থানাত ৰুগীয়া মাতৃ হিয়া ভগা কান্দোন

ABOUT THE AUTHOR

...view details