যোৰহাট, 23 জানুৱাৰী: অসম কৃষি বিশ্ববিদ্যালয়ত তিনিখন মহাদেশৰ দহ ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত, কূটনৈতিক বিষয়া, প্ৰতিনিধিৰ বিশ্ববিদ্যালয় পৰিদৰ্শন । শুকুৰবাৰে এছিয়া, আফ্ৰিকা আৰু অষ্ট্ৰেলিয়া মহাদেশৰ অন্তৰ্গত দহখন বিদেশী ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত আৰু কুটনৈতিক বিষয়াৰ এটা উচ্চস্তৰীয় দলে অসম কৃষি বিশ্ববিদ্যালয় পৰিদৰ্শন কৰে । অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাই অসম কৃষি বিশ্ববিদ্যালয়ত একেসময়তে দহখনকৈ বিদেশী ৰাষ্ট্ৰৰ উচ্চস্তৰীয় প্ৰতিনিধিৰ উপস্থিতিক এক ঐতিহাসিক ক্ষণ বুলি উল্লেখ কৰে । উপাচাৰ্য গৰাকীয়ে কৃষি, গৱেষণা আৰু সম্প্ৰসাৰণৰ ক্ষেত্ৰত বিদেশী ৰাষ্ট্ৰসমূহৰ সহায় সহযোগ কামনা কৰে লগতে কৃষি, গৱেষণা আৰু সম্প্ৰসাৰণৰ ক্ষেত্ৰত বিদেশী ৰাষ্ট্ৰসমূহৰ সহায় সহযোগ কামনা কৰে । বিদেশী ৰাষ্ট্ৰসমূহে বিশেষকৈ শিক্ষাৰ্থীৰ আৰু গৱেষকৰ আদান-প্ৰদান আৰু দ্বিপাক্ষিক সহযোগিতাৰ জৰিয়তে এই দিশত উভয় ৰাষ্ট্ৰসমূহ উপকৃত হ'ব বুলি আশা প্ৰকাশ কৰে ৷ প্ৰয়োজন সাপেক্ষে বিশ্ববিদ্যালয়ে এই দিশত সহায়ক হোৱাকৈ বুজাবুজি চুক্তিৰ জৰিয়তে আগবাঢ়ি যাব বুলি কয় । অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালক ড° অশোক ভট্টাচাৰ্যই দৃশ্যশ্ৰাব্য উপস্থাপনৰ জৰিয়তে কৃষি গৱেষণা আৰু সম্প্ৰসাৰণৰ দিশত বিশ্ববিদ্যালয়ৰ অগ্ৰগতি সম্পৰ্কে এক পৰ্যালোচনা আগবঢ়ায় ।
কংগো, নাইজেৰীয়া, মংগোলীয়া, ভূটান, ফিজি, ত্ৰিনিদাদ এণ্ড টবেগ, ইণ্ডোনেচিয়া, মেছিডনিয়া, ঘানা আৰু ভিয়েটনামৰ উচ্চপদস্থ বিষয়াসকলৰ দলটোৱে শুকুৰবাৰে বিয়লি বিশ্ববিদ্যালয়ত উপস্থিত হৈ চাহ প্ৰযুক্তিবিদ্যা বিভাগ, প্লেন্ট পেথলজি, নীতিহাব আৰু উত্তৰ-পূৱ বিজ্ঞান আৰু জৈৱ প্ৰযুক্তিবিদ্যা বিভাগ পৰিদৰ্শন কৰে । ইয়াৰ পাছত বিদেশী প্ৰতিনিধিসকলে বিশ্ববিদ্যালয়ৰ উত্তৰ-পূৱ বিজ্ঞান আৰু জৈৱ প্ৰযুক্তিবিদ্যা বিভাগৰ সভাকক্ষত এখন উচ্চস্তৰীয় সভাত অংশগ্ৰহণ কৰে । এই সভাত বিশ্ববিদ্যালয়ৰ কৃষি বিজ্ঞানগুৰু ড° জয়ন্ত ডেকা, কৃষি গৱেষণা সঞ্চালক ড° অশোক ভট্টাচাৰ্য, ছাত্ৰ কল্যাণ সঞ্চালক ড° ৰাণা প্ৰতাপ ভূঞা, সহযোগী সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড° ৰঞ্জিত কুমাৰ সাউদ, ডি বি টিৰ ডাইৰেক্টৰ ড° বিদ্যুত কুমাৰ শৰ্মা, পঞ্জীয়ক অৰ্পণ কুমাৰ শইকীয়া, যুটীয়া পঞ্জীয়ক ড° অনুপ কুমাৰ দাসে অংশ গ্ৰহণ কৰে ।