যোৰহাট, 4 নৱেম্বৰ:"এই অঞ্চলৰ লোকসকলৰ লগত মোৰ ব্যক্তিগতভাৱে এটা সুসম্পৰ্ক আছে ৷ মোৰ প্ৰয়াত পিতৃ তথা প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে এই অঞ্চললৈ বহুবাৰ আহিছে, তেওঁক এই অঞ্চলৰ লোকে যথেষ্ট মৰম কৰিছিল, সন্মান কৰিছিল ৷ কেশৱ দেউৰীৰ লগত মোৰ প্ৰয়াত পিতৃৰ যথেষ্ট পুৰণি সম্পৰ্ক আছিল ৷ এই অঞ্চলৰ তেওঁ এজন শক্তিশালী সমাজসেৱক ৷ বিৰোধীসকলেও তেওঁৰ বিপক্ষে বেছি কথা কব নোৱাৰে ৷ তেওঁ সাধাৰণ শ্ৰেণীৰ মানুহৰ মাজত বহু জনপ্ৰিয় ৷ এই নিৰ্বাচনত তেওঁ বিজয় হোৱাটো প্ৰায় নিশ্চিত হৈ আছে ৷" দেউৰীৰ স্বায়ত্ব শাসিত পৰিষদৰ যোৰহাটৰ ৮ নং সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ হৈ চলোৱা প্ৰচাৰত এই মন্তব্য প্ৰকাশ কৰে সাংসদ গৌৰৱ গগৈয়ে (MP Gaurav Gogoi campaign in Jorhat) ৷
ৰাজ্যত দেউৰী স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন সমাগত (Deori Autonomous Council election) ৷ অহা ৮ নৱেম্বৰত হ’বলগীয়া দেউৰীৰ স্বায়ত্ব শাসিত পৰিষদৰ নিবাচনৰ ভোটদান পৰ্বৰ বাবে ব্যাপক হাৰত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ হৈছে । কংগ্ৰেছ আৰু অগপ মিত্ৰজোঁটৰ দুইগৰাকী প্ৰাথীয়ে ভোটাৰ ৰাইজক আকৰ্ষিত কৰিবলৈ বিভিন্ন ন ন কৌশল অৱলম্বন কৰি নিৰ্বাচনীৰ প্ৰচাৰ চলাইছে (Deori Autonomous Council election campaign in Jorhat)।