অসম

assam

ETV Bharat / state

টীয়কৰ বিশিষ্ট লোকশিল্পী বদন মলিয়াৰ বিয়োগ

অসমৰ দিহানামৰ জনক খ্যাত বিশিষ্ট লোকশিল্পী বদন মলিয়াৰ মৃত্যু (Death of eminent folk artist Badan Molia) । ৭৯ বছৰ বয়সত মৃত্যু শিল্পীগৰাকীৰ । শিল্পীগৰাকীৰ মৃত্যুত সমগ্ৰ যোৰহাটত শোকৰ ছাঁ ।

folk artist Badan Molia
টীয়কৰ বিশিষ্ট লোকশিল্পী বদন মলিয়াৰ বিয়োগ

By

Published : Mar 19, 2022, 11:28 AM IST

টীয়ক, ১৯ মাৰ্চ :দিহানামৰ জনক তথা অসমৰ বিশিষ্ট লোকশিল্পী বদন মলিয়াৰ বিয়োগ (Demise of eminent folk artist Badan Molia)। টীয়কৰ লাহদৈগড়ৰ মলিয়া গাঁৱৰ নিজা বাসগৃহত ৭৯ বছৰ বয়সত বাৰ্ধক্যজনিত কাৰণত শেষ নিশ্বাস ত্যাগ কৰিলে শিল্পীগৰাকীয়ে । সাংস্কৃতিক ক্ষেত্ৰখনলৈ যথেষ্ট অৱদান আগবঢ়াইছে শিল্পীগৰাকীয়ে । যাৰ বাবে তেওঁক বকুল বনৰ বঁটা, টীয়ক গৌৰৱ বঁটাকে ধৰি বিভিন্ন সন্মানেৰে সন্মানিত কৰা হৈছিল ।

২০১৯ চনত অসম চৰকাৰৰ শিল্পী পেঞ্চন লাভ কৰিছিল বিশিষ্ট অনাতাঁৰ শিল্পীগৰাকীয়ে । বহু টোকাৰী গীত আৰু দিহা নাম ৰচনাৰ লগতে কণ্ঠদান কৰিছে শিল্পীগৰাকীয়ে । শিল্পীগৰাকীৰ মৃত্যুত বৃহত্তৰ টীয়ক তথা অসমৰ শিল্পীসমাজে গভীৰ শোক প্ৰকাশ কৰিছে ।

লগতে পঢ়ক :দৌলোৎসৱ উপলক্ষে টীয়কৰ ৰাধাকৃষ্ণ মন্দিৰত আনন্দময় পৰিবেশ

For All Latest Updates

ABOUT THE AUTHOR

...view details