অসম

assam

ETV Bharat / state

আধাৰ কাৰ্ডৰ নামত হাৰাশাস্তি টীয়কবাসীৰ - Teok Police

টীয়কত আধাৰ কাৰ্ড প্ৰস্তুত কৰিবলৈ আহি ওৰেটো নিশা পথৰ ওপৰত বহি থাকিল ৰাইজ ৷ ৰাইজৰ এই হাৰাশাস্তিৰ খবৰ লাভ কৰি টীয়ক আৰক্ষীয়ে স্থানীয় গাঁওৰক্ষী বাহিনীৰ সহযোগত পহৰা প্ৰদানৰ ব্যৱস্থা কৰে ৷

Defeat in the name of Aadhaar card in teok jorhat assam etv bharat news
আধাৰ কাৰ্ডৰ নামত হাৰাশাস্তিআধাৰ কাৰ্ডৰ নামত হাৰাশাস্তি

By

Published : Oct 5, 2020, 12:35 PM IST

টীয়ক, 5 অক্টোবৰ: কেন্দ্ৰীয় চৰকাৰে আধাৰ কাৰ্ডক অত্যাৱশ্যকীয় নথিপত্ৰ হিচাপে গণ্য কৰাৰ পাছত আধাৰ কাৰ্ড প্ৰস্তুত কৰা কেন্দ্ৰ সমূহত দেখা গৈছে ৰাইজৰ অভাৱনীয় ভিৰ ৷ ৰাজ্যৰ প্ৰায়বোৰ কেন্দ্ৰতে পৰিলক্ষিত হৈছে একে পৰিৱেশ ৷ ফলত সৃষ্টি হৈছে অনেক সমস্যাৰ ৷ কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি সম্পূৰ্ণৰূপে কোভিড প্ৰট’কল মানি কেন্দ্ৰসমূহত দৈনিক সীমিত সংখ্যক লোকৰহে আধাৰ কাৰ্ড প্ৰস্তুত কৰি থকা হৈছে ৷

ইফালে, আধাৰ কাৰ্ডক কেন্দ্ৰ কৰি যোৰহাটৰ টীয়কত সংঘটিত হৈছে এক ব্যতিক্ৰমী ঘটনা ৷ টীয়কৰ এটা আধাৰ কেন্দ্ৰৰ সন্মুখত সৰ্বসাধাৰণ ৰাইজে উপস্থিত হৈ ওৰেটো নিশা পাৰ কৰে উজাগৰীভাৱে ৷ এই ঘটনাই সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়াৰ ৷ টীয়কৰ 10 নং গাখীৰখোৱা গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ আধাৰ কেন্দ্ৰৰ সন্মুখত সোমবাৰে পুৱা দেখা যায় ৰাইজৰ প্ৰচণ্ড ভিৰ । সমগ্ৰ ঘটনাৰ বিষয়ে গাঁওৰক্ষী বাহিনীয়ে জানিব পাৰি টীয়ক আৰক্ষীক অৱগত কৰে ৷ আৰক্ষীয়ে নিশা উক্ত স্থানত উপস্থিত হৈ গাঁওৰক্ষী বাহিনীক পহৰাৰ ব্যৱস্থা কৰিবলৈ পৰামৰ্শ প্ৰদান কৰে ৷

আধাৰ কাৰ্ডৰ নামত হাৰাশাস্তি

লগতে চাওকঃসামৰিক দিশৰ পৰা যথেষ্ট তাৎপৰ্যপূৰ্ণ অটল সুৰংগ

ABOUT THE AUTHOR

...view details