যোৰহাট, ৭ আগষ্ট:যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয় অধ্যক্ষই অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সদস্যপদ গ্ৰহণ কৰাৰ কথা পুনৰবাৰ স্পষ্টভাৱে প্ৰকাশ কৰিলে সংগঠনটো যোৰহাট জিলা সংযোজক বিশ্বজিত মহন্তই । এবিভিপিত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষাগুৰুসকলে স্ব-ইচ্ছাই সদস্য পদ গ্ৰহণ কৰিব পাৰে, আমাৰ সংগঠনে বিদ্যালয় আৰু মহাবিদ্যালয় শিক্ষাগুৰুসকলক অভিভাৱক হিচাপে প্ৰাধান্য দিয়ে আৰু আমাৰ ছাত্র সংগঠনটোৰ অসম প্ৰদেশ সভাপতিজন হ’ল অধ্যাপক ৷ যোৰহাট জিলা সংযোজক বিশ্বজিত মহন্তই উল্লেখ কৰে এই কথা ৷
বৰ্তমান যোৰহাট বিভিন্ন শিক্ষানুষ্ঠানৰ ৫ জনৰ পৰা ৬ জন শিক্ষাগুৰুৱে সদস্য পদ গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে জিলা সংযোজকগৰাকীয়ে । তাৎপৰ্যপূৰ্ণ যে যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয় অধ্যক্ষই এবিভিপি সদস্য পদ গ্ৰহণ কৰাৰ খবৰ বিয়পি পৰা লগে লগে মহাবিদ্যালয়খনৰ ছাত্র একতা সভাৰ সাধাৰণ সম্পাদক অৰুণাভ দত্তই সামাজিক মাধ্যমত পোষ্ট কৰে ৷ মহাবিদ্যালয়খনৰ ছাত্র একতা সভাৰ সাধাৰণ সম্পাদকজনৰ এই পোষ্টৰ পাচতেই এবিভিপিৰ ওপৰত কৰা অ-সংবিধানিক মন্তব্য কৰাৰ অভিযোগ তুলি এবিভিপিৰ সদস্যসকলে যোৰহাট সদৰ থানাত এজাহাৰ দাখিল কৰে ।