অসম

assam

ETV Bharat / state

গাভৰু কাণ্ড সম্পৰ্কত ৰাজ্যপাললৈ স্মাৰক প্ৰেৰণ দেৱব্ৰত শইকীয়াৰ

বৃহস্পতিবাৰে গাভৰু কাণ্ডৰ প্ৰকৃত সত্য উদ্ধাৰ কৰি দোষীক তাৎক্ষণিকভাৱে দৃষ্টান্তমূলক শাস্তি দিয়াৰ লগতে এই ঘটনাক জাতিগত বিভেদ নকৰিবলৈ আহ্বান বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ ৷

debebrat saikia given memorandum to  Governor through jorhat dc
debebrat saikia given memorandum to Governor through jorhat dc

By

Published : Jun 4, 2020, 8:15 PM IST

যোৰহাট, 4 জুনঃগাভৰু কাণ্ডক জাতিগত বিভেদ নকৰিবলৈ আহ্বান বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ ৷ ঘটনাটোৰ প্ৰকৃত সত্য উদ্ধাৰ কৰি দোষীক তাৎক্ষণিকভাৱে দৃষ্টান্তমূলক শাস্তি দিবৰ বাবে আহ্বান জনায় দলপতি গৰাকীয়ে ৷ চুবুৰীয়া ৰাজ্য মণিপুৰত গণহত্যাৰ বাবে থকা কঠোৰ আইন অসমতো প্ৰৱৰ্তন কৰিবলৈ যোৰহাট জিলা উপায়ুক্তৰ যোগেৰে অসমৰ ৰাজ্যপাললৈ এখন স্মাৰক পত্ৰও প্ৰদান কৰে দেৱব্ৰত শইকীয়াই ৷ দুৰ্ঘটনাটোত আঘাতপ্ৰাপ্ত সকলোকে সাহাৰ্য দিবলৈ চৰকাৰক অনুৰোধো জনায় তেওঁ ৷ লগতে যিসকল লোকে লক ডাউনৰ সময়ত অৰ্থনৈতিক সমস্যাত ভুগিছে,সেই সকল লোকক বেংক ঋণৰ পৰা ৰেহাই দিয়াৰ লগতে দৰিদ্ৰ শ্ৰমিক সকলক ৰাষ্ট্ৰীয় সাহাৰ্য পুজিৰ পৰা সাহাৰ্য প্ৰদান কৰিবলৈও আহ্বান জনায় বিৰোধী দলৰ দলপতি গৰাকীয়ে ৷

গাভৰু কাণ্ডক জাতিগত বিভেদ নকৰিবলৈ আহ্বান দেৱব্ৰত শইকীয়াৰ

ABOUT THE AUTHOR

...view details