মৰিয়নী, 5 জুনঃ মৰিয়নীৰ গাভৰু চাহ বাগিছাত গণপ্ৰহাৰৰ বলি হৈ মৃত্যু হোৱা দেৱাশীষ গগৈৰ বাসগৃহত উপস্থিত হয় বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ৷ দলপতি গৰাকীয়ে দেবাশীষৰ পৰিয়াল বৰ্গক সমবেদনা জ্ঞাপন কৰি এই মৰ্মান্তিক ঘটনাৰ ন্যায়িক তদন্তৰ পোষকতা কৰে ৷
দেৱাশীষ গগৈৰ বাসগৃহত উপস্থিত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া - দেৱব্ৰত শইকীয়া
শুকুৰবাৰে গণপ্ৰহাৰৰ বলি হৈ মৃত্যু হোৱা দেৱাশীষ গগৈৰ বাসগৃহত উপস্থিত হয় বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ৷ দেৱাশীষ হত্যাকাণ্ডৰ লগত জড়িত দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী বিৰোধী দলৰ দলপতি গৰাকীৰ ৷
দেৱব্ৰত শইকীয়াই উল্লেখ কৰা অনুসৰি,সমগ্ৰ ঘটনাৰ সম্পৰ্কত তেওঁ ৰাজ্যপালক এখন স্মাৰক প্ৰদান কৰি ঘটনাৰ ন্যায়িক তদন্তৰ লগতে বিচাৰ প্ৰক্ৰিয়া খৰতকীয়া কৰিবলৈ অনুৰোধ জনাইছে ৷ বিৰোধী দলৰ দলপতি শইকীয়াই অসমত সংঘটিত এনে ধাৰাবাহিক ঘটনা সম্পর্কত উদ্বেগ প্ৰকাশ কৰাৰ লগতে,চৰকাৰে দিয়া প্ৰতিশ্ৰুতি গুৰুত্বসহকাৰে পালন কৰিলেহে দুৰ্ভগীয়া পৰিয়াল সমূহে ন্যায় পাব বুলি উল্লেখ কৰে ৷ দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ বাবে দাবী জনাইছে বিৰোধী দলৰ দলপতি গৰাকীয়ে ৷
লগতে পঢ়কঃগাভৰু কাণ্ড সম্পৰ্কত ৰাজ্যপাললৈ স্মাৰক প্ৰেৰণ দেৱব্ৰত শইকীয়াৰ