যোৰহাট, ৭আগষ্ট:যোৰহাটৰ চাহ ব'র্ডৰ সমীপৰ ৰেল লাইনৰ কাষত মৃত্যুৰ সৈতে যুঁজি থকা এগৰাকী মহিলা প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে(Death body recovered in Jorhat)। পাছত মহিলাগৰাকীৰ ওচৰ চাপি স্থানীয় ৰাইজে লৰালৰিকৈ ১০৮ এম্বুলেন্স সেৱাৰে লগত যোগাযোগ কৰে(108 Ambulence)। পিছে ৰাইজে সঁহাৰি নাপালে বুলি ক্ষোভ প্ৰকাশ কৰিছে ।ৰাইজে অভিযোগ কৰি কয় যে ১০৮ৰ বিভাগীৰ কৰ্মচাৰীয়ে সময় মতে ঘটনাস্থলীত উপস্থিত নোহোৱা বাবেই মহিলাগৰাকী মৃত্যু মুখত পৰে।
Death body recovered in Jorhat: যোৰহাটত মহিলাৰ মৃতদেহ উদ্ধাৰ - যোৰহাটত মহিলাৰ মৃতদেহ উদ্ধাৰ
যোৰহাটৰ চাহ ব'র্ডৰ সমীপৰ ৰেল লাইনৰ কাষত মৃত্যুৰ সৈতে যুঁজি থকা এগৰাকী মহিলা প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে(Death body recovered in Jorhat)। মহিলাগৰাকীৰ ওচৰ চাপি স্থানীয় ৰাইজে লৰালৰিকৈ স্বাস্থ্য বিভাগৰ জৰুৰীকালিন সেৱাৰ লগত জড়িত ১০৮ এম্বুলেন্স সেৱাৰ লগত যোগাযোগ কৰে যদিও কোনো সহাৰি নাপালে । ১০৮ৰ বিভাগীৰ কৰ্মচাৰীয়ে সময় মতে ঘটনাস্থলীত উপস্থিত নোহোৱা বাবেই মৃত্যুমুখত পৰে মহিলাগৰাকী ।
![Death body recovered in Jorhat: যোৰহাটত মহিলাৰ মৃতদেহ উদ্ধাৰ Death body recovered in Jorhat](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-16038399-997-16038399-1659856722633.jpg)
যোৰহাটত মহিলাৰ মৃতদেহ উদ্ধাৰ
যোৰহাটত মহিলাৰ মৃতদেহ উদ্ধাৰ
ইপিনে,মহিলাগৰাকী যোৰহাট বৰভেটাৰ ফাটেমা খাতুন বুলি স্থানীয় ৰাইজে উল্লেখ কৰিছে । মৃত্যুৰ পূৰ্বে ঘৰৰ পৰিচয় আৰু কোনে ৰেল লাইনৰ কাষত ঠেলা মাৰিছিল সেই বিষয়ে মহিলাগৰাকীয়ে স্থানীয় ৰাইজক কয় । স্থানীয় ৰাইজে মহিলাগৰাকীক স্বামীয়ে হত্যাৰ চেষ্টা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে । কিছু সময় পিছত ঘটনাস্থলীত যোৰহাট আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ।
লগতে পঢ়ক:Fake police arrested: মই ডুপ্লিকেট পুলিচ....আৰক্ষীৰ পোছাকত ধন দাবী পংকজৰ