যোৰহাট, 22 ডিচেম্বৰ: দাওদাও জ্বলি উঠা জুইকুৰাই ছাই কৰি দিলে যোৰহাটৰ মাৰোৱাৰীপট্টিৰ ত্ৰিশখনৰো অধিক ব্যৱসায়িক প্ৰতিষ্ঠান আৰু কেইবাটাও বাসগৃহ (Jorhat Fire Incident)৷ প্ৰায় 24 ঘণ্টা ধৰি জ্বলিয়েই আছে অভিশপ্ত বুধবাৰৰ জুইকুৰা ৷ ইয়াৰ মাজতে এটা বিশেষ দৃশ্যত চকু নিবদ্ধ হৈছে সকলোৰে ৷
প্ৰকাণ্ড অগ্নিশিখাইও ক্ষতি কৰিব নোৱাৰিলে অসমীয়াৰ প্ৰাণৰ শিল্পী জ্যোতিপ্ৰসাদক (Jyoti Prasad Agarwala statue in Jorhat)৷ মাৰোৱাৰীপট্টিৰ যি স্থানত বুধবাৰে নিশা সূত্ৰপাত হৈছিল ভয়ংকৰ অগ্নিকাণ্ডৰ, সেই স্থানতে প্ৰতিষ্ঠিত ৰূপকোঁৱৰৰ প্ৰতিমূৰ্তি এতিয়াও আছে অক্ষত ৰূপত ৷ সকলো শেষ হৈ গ’লেও জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিমূৰ্তি অলৰ-অচৰ হৈ থকা দৃশ্যটোৱে কাঢ়ি নিছে অসমীয়াৰ দৃষ্টি ৷
উল্লেখ্য যে, বুধবাৰে নিশা প্ৰায় ১০.১৫ বজাত যোৰহাটৰ মাৰোৱাৰীপট্টিত সংঘটিত ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা ৷ নিমিষতে ছাই হৈ গৈছিল তিনিখন দোকান ৷ অগ্নি নিৰ্বাপক বাহিনীৰ লগতে স্থানীয় ৰাইজৰ বহু প্ৰচেষ্টাইও নুমুৱাব নোৱাৰিলে জুই ৷ গোলাঘাট, শিৱসাগৰ, যোৰহাটৰ লগতে বায়ু সেনা বাহিনী, ভাৰতীয় সেনা আৰু অ’ এন জি চিৰ শতাধিক অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়েও জুই নুমুৱাবলৈ সফল হোৱা নাই ৷ ফলত জুইৰ লেলিহান শিখা বিয়পি পৰিল সমগ্ৰ অঞ্চললৈ ৷ ফলশ্ৰুতিত এই পৰ্যন্ত নগৰখনৰ ত্ৰিশখনৰো অধিক ব্যৱসায়িক প্ৰতিষ্ঠান আৰু কেবাটাও বাসগৃহ ভস্মীভূত হৈছে (Losses in Jorhat fire)৷