অসম

assam

By

Published : Nov 23, 2020, 10:28 AM IST

ETV Bharat / state

যোৰহাটৰ ৰাজমাও ঐতিহাসিক পুখুৰীত উদ্ধাৰ মৃতদেহ

প্ৰাতঃ ভ্ৰমণ কৰিবলৈ আহি পুখুৰীত পৰি লোকজনৰ মৃত্যু হোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ৷

Deadbody recorved in Jorhat
যোৰহাটৰ ঐতিহাসিক ৰাজমাও পুখুৰীত উদ্ধাৰ মৃতদেহ

যোৰহাট, 23 নৱেম্বৰ:যোৰহাটৰ ঐতিহাসিক ৰাজমাও পুখুৰীত সোমবাৰে পুৱা এটা মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷ পুৱা ৰাজমাও পুখুৰীৰ পাৰত প্ৰাতঃ ভ্ৰমণ কৰিবলৈ অহা ব্যক্তিয়ে পানীত উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে মৃতদেহটো ৷ স্থানীয় লোকে লগে লগে ঘটনাৰ সন্দৰ্ভত আৰক্ষীক অৱগত কৰে ৷ আৰক্ষীক লগে লগে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে ৷ প্ৰায় ষাঠি উৰ্দ্ধৰ মৃত ব্যক্তিজন ধীৰেজ বৰুৱা বুলি জানিব পৰা গৈছে ৷ যোৰহাটৰ জেবি ৰোডৰ অলিম্পিকা নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী ধীৰাজ বৰুৱা ৷ প্ৰাতঃ ভ্ৰমণ কৰিবলৈ আহি পুখুৰীত পৰি ধীৰাজ বৰুৱাৰ মৃত্যু হোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ৷

যোৰহাটৰ ঐতিহাসিক ৰাজমাও পুখুৰীত উদ্ধাৰ মৃতদেহ

ABOUT THE AUTHOR

...view details