অসম

assam

By

Published : May 5, 2020, 11:15 AM IST

ETV Bharat / state

মৰিয়নীত ছাগলী পহুৰ মৃতদেহ উদ্ধাৰঃ এজনক আটক

মৰিয়নী নকছাৰি তিৰুৱাল চাহ বাগিছাত মংগলবাৰে এটা ছাগলী পহুৰ মৃতদেহ উদ্ধাৰ কৰা হয় ৷ খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰা পহুটোক হত্যা কৰি লুকুৱাই থৈছিল জীতেন বাউৰী নামৰ এজন লোকে ৷

Dead deer recovered at mariyani
মৰিয়নীত ছাগলী পহুৰ মৃতদেহ উদ্ধাৰ

মৰিয়নী, 5 মে' : লক্ ডাউন অব্যাহত থকাৰ সময়তে মংগলবাৰে মৰিয়নী নকছাৰি তিৰুৱাল চাহ বাগিছাত এটা ছাগলী পহুৰ মৃতদেহ উদ্ধাৰ কৰা হয় ৷

জানিব পৰা মতে বাগিছা খনৰ গাতে লাগি থকা হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰিছিল ছাগলী পহুটো ৷

বাগিছাখনত পহুটোৰ অৱস্থিতিৰ কথা গম পাই বাগিছা খনৰ জীতেন বাউৰী নামৰ লোকজনে পহুটোক হত্যা কৰি বাৰীৰ পাছফালে লুকুৱাই থয় ৷

পৰৱৰ্তী সময়ত বন বিভাগৰ লোকে খৱৰ পোৱাত মৰিয়নী আৰক্ষীক লগত লৈ মৃত ছাগলী পহুটো উদ্ধাৰ কৰাৰ লগতে জীতেন বাউৰী নামৰ লোকজনক আটক কৰে ৷

মৰিয়নীত ছাগলী পহুৰ মৃতদেহ উদ্ধাৰ

লক্ ডাউনৰ মাজতে দুষ্প্ৰাপ্য এই ছাগলী পহুটোৰ হত্যাৰ খবৰে অঞ্চলটোৰ প্ৰকৃতিপ্ৰেমী ৰাইজৰ মাজত তীব্ৰ অসন্তুষ্টিৰ কৰিছে ৷

লগতে পঢ়ক : নলবাৰীৰ দুৰ্গা মন্দিৰ চৌহদত উদ্ধাৰ যুৱতীৰ মৃতদেহ !

ABOUT THE AUTHOR

...view details