টীয়ক, 8 আগষ্ট : টীয়কৰ কাৱৈমাৰীৰ সমীপত জাঁজী নৈত উটি অহা মৃতদেহক লৈ চাঞ্চল্য সৃষ্টি হৈছে সমগ্ৰ অঞ্চলত । নদীৰ বাঢ়নী পানীত উটি অহা অৰ্ধদগ্ধ মুণ্ডহীন মৃতদেহটো পুৰুষৰ বুলি স্পষ্ট হৈছে যদিও এই পৰ্যন্ত মৃতদেহটো চিনাক্ত হোৱা নাই ।
জাঁজী নৈত মুণ্ডহীন মৃতদেহ উদ্ধাৰ - অৰ্ধদগ্ধ মুণ্ডহীন মৃতদেহ
জাঁজী নৈৰ বাঢ়নী পানীত উটি আহি থকা অৱস্থাত একাংশ স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। দীৰ বাঢ়নী পানীত উটি অহা অৰ্ধদগ্ধ মুণ্ডহীন মৃতদেহটো পুৰুষৰ বুলি স্পষ্ট হৈছে ৷
![জাঁজী নৈত মুণ্ডহীন মৃতদেহ উদ্ধাৰ dead body recover](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8349291-thumbnail-3x2-t.jpg)
dead body recover
জাঁজী নৈত মুণ্ডহীন মৃতদেহ উদ্ধাৰ
জানিব পৰা মতে জাঁজী নৈৰ বাঢ়নী পানীত উটি আহি থকা অৱস্থাত একাংশ স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। আৰক্ষী ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত মৃতদেহটো জাঁজীমুখৰ চিনাতলি অঞ্চলত নদী দাঁতিলৈ আনিবলৈ সক্ষম হৈছে ৷ মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে মৃতদেহটো ।
লগতে পঢ়ক : বৰপেটাত ব্লাড বেংক কৰ্মচাৰীৰ সহযোগত চলিছে তেজৰ ব্যৱসায়