মৰিয়নী, 24 এপ্ৰিলঃ মৰিয়নীৰ নগাপথাৰত উদ্ধাৰ যুৱকৰ মৃতদেহ ৷ নগাপথাৰৰ ৰে'ল আলীৰ সমীপত বুধবাৰে পুৱা স্থানীয় ৰাইজে উদ্ধাৰ কৰে মৃতদেহটো৷
মৰিয়নীত ৰে'ল লাইনত উদ্ধাৰ যুৱকৰ মৃতদেহ - etv assam
চলন্ত ৰে'লৰ সমুখত জপিয়াই আত্মহত্যাৰ কৰে যুৱকজনে
![মৰিয়নীত ৰে'ল লাইনত উদ্ধাৰ যুৱকৰ মৃতদেহ](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-3093221-thumbnail-3x2-deadbody.jpg)
মৰিয়নীত ৰে'ল লাইনত উদ্ধাৰ যুৱকৰ মৃতদেহ
মৰিয়নীত ৰে'ল লাইনত উদ্ধাৰ যুৱকৰ মৃতদেহ
প্ৰত্যক্ষদৰ্শীয়ে সদৰী কৰা অনুসৰি, নামনিমুৱা ৰঙিয়া এক্সপ্ৰেছৰ সমূখত জপিয়াই আত্মহত্যা কৰে যুৱকজনে ৷ যুৱকজনৰ মাণিবেগৰ পৰা উদ্ধাৰ হোৱা পৰিচয় পত্ৰৰ পৰা যুৱকজন মৰিয়নী কেঁচাইপতিৰ দেবা ৰজক বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে ৷ ইতিমধ্যে যুৱকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰক্ষীয়ে ৷