টীয়ক,০৩ মাৰ্চ:টীয়কৰ চেলেংহাট হালোৱা গাঁৱত উদ্ধাৰ এগৰাকী মহিলাৰ মৃতদেহ (dead boy of woman recovered in Teok)। মৃতদেহটো ডালিম বাগিছাৰ নিয়মীয়া কৰ্মচাৰী চনিয়া ভূমিজৰ বুলি জানিব পৰা গৈছে । পুৱাৰ ভাগত স্থানীয় কোনো ব্যক্তিয়ে ঘৰৰ পৰা কিছু নিলগত মৃতদেহটো পৰি থকা অৱস্থাত দেখা পাই আৰক্ষীক খবৰ দিয়ে ।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে তদন্ত । ওচৰ চুবুৰীয়াৰ ভাষ্য অনুষৰি শনিবাৰে দিনতে বেংকলৈ গৈছিল মহিলাগৰাকী । বেংকলৈ ওলাই যোৱা মহিলাগৰাকীক ধন লুটৰ উদ্দেশ্যেই কোনো লোকে হত্যা কৰাৰ সন্দেহ স্থানীয় ৰাইজৰ ।