অসম

assam

By ETV Bharat Assamese Team

Published : Sep 15, 2023, 8:03 PM IST

ETV Bharat / state

International Handball Competition:ইণ্ডো-বাংলাদেশ আন্ত:ৰাষ্ট্ৰীয় হেণ্ডবল প্ৰতিযোগিতা

মৰিয়নী বাপুজী ষ্টেডিয়ামত দিবা-নৈশ ইণ্ডো-বাংলাদেশ আন্ত:ৰাষ্ট্ৰীয় হেণ্ডবল প্ৰতিযোগিতা ৷

International Handball Competition
আন্ত:ৰাষ্ট্ৰীয় হেণ্ডবল প্ৰতিযোগিতা

আন্ত:ৰাষ্ট্ৰীয় হেণ্ডবল প্ৰতিযোগিতা

যোৰহাট, 15 ছেপ্টেম্বৰ : মৰিয়নীৰ বাপুজী ষ্টেডিয়ামত দিবা-নৈশ ইণ্ডো-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় হেণ্ডবল প্ৰতিযোগিতা অনুষ্ঠিত হৈছে । অসমত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে এই ইণ্ডো-বাংলাদেশৰ মাজত আন্ত:ৰাষ্ট্ৰীয় হেণ্ডবল প্ৰতিযোগিতা । ১২ ছেপ্টেম্বৰত গুৱাহাটীৰ নেহেৰু ষ্টেডিয়ামত আৰম্ভ হোৱা ইণ্ডো-বাংলাদেশ হেণ্ডবল প্ৰতিযোগিতাৰ অন্তিমখন খেল অনুষ্ঠিত হৈ যায় যোৰহাট জিলাৰ মৰিয়নীত ।

মৰিয়নীৰ বাপুজী ষ্টেডিয়ামত এদিনীয়াকৈ দিবা -নৈশ খেলখন অনুষ্ঠিত হৈ যায় । উল্লেখ্য যে, অসমত প্ৰথমবাৰৰ বাবে ইণ্ডো-বাংলাদেশ ফ্ৰেণ্ডশ্বিপ হেণ্ডবলৰ চাৰিখন খেল গুৱাহাটী, মৰিগাঁও, ডিমৌ আৰু মৰিয়নীত অনুষ্ঠিত হয় । অসমত হেণ্ডবল খেলক অধিক প্ৰসাৰ আৰু জনপ্ৰিয় কৰি তোলাৰ মানসেৰে অসম হেণ্ডবল সন্থাই এই প্ৰতিযোগিতা অনুষ্ঠিত কৰে ।

মৰিয়নীত অনুষ্ঠিত হোৱা চূড়ান্ত খেলখন উদ্বোধন কৰে গুৱাহাটীস্থিত বাংলাদেশৰ সহকাৰী উচ্চ আয়ুক্ত ড৹ ৰুহুল আমিনে । খেলখনত উপস্থিত থাকে আন্ত:ৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন সাঁতোৰবিদ এলভিচ আলি হাজৰিকা । প্ৰতিযোগিতাৰ চূড়ান্ত খেলত বাংলাদেশে ভাৰতক ৩৯-২০ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে ।

খেলখনৰ আৰম্ভণিতে স্থানীয় শিল্পীসকলে বিহু প্ৰদৰ্শন কৰাৰ লগতে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী আয়োজন কৰা হয় । পোন প্ৰথমবাৰৰ বাবে যোৰহাটৰ মৰিয়নী বাপুজী ষ্টেডিয়ামত অনুষ্ঠিত আন্ত:ৰাষ্ট্ৰীয় মেচখন উপভোগ কৰিবলৈ ঘৰুৱা দৰ্শকে ভীৰ কৰা পৰিলক্ষিত হয় আৰু সমগ্ৰ মৰিয়নীতে এক উৎসৱ মুখৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হয় ।

খেল উপভোগ কৰি আপ্লুত হৈ পৰা বাংলাদেশৰ উচ্চায়ুক্তই উজনি অসম ভ্ৰমণ কৰি সুখী বুলি মত ব্যক্ত কৰে ৷ বাৰে বাৰে যোৰহাটলৈ আহিবলৈ ভাল পাব বুলিও সাংবাদিকৰ আগত উল্লেখ কৰে ৷ এই খেলৰ জৰিয়তে অসম আৰু বাংলাদেশৰ মাজৰ সম্পৰ্ক আৰু অধিক দৃঢ় হ’ব বুলিও তেওঁ আশাবাদী ৷ আনহাতে অসম বাংলাদেশৰ মাজত যোগাত্মক সম্পৰ্কক লৈ একেই মন্তব্য দিয়ে নৰ্থ ইষ্ট হেণ্ডবল সন্থাৰ মুৰব্বী অমল নাৰায়ণ পাটোৱাৰীয়ে ৷

লগতে পঢ়ক :Chutia Students Union: যোৰহাটত চুতীয়া ছাত্র সন্থাৰ অষ্টাদশ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আৰম্ভ

ABOUT THE AUTHOR

...view details