টীয়ক,23 মে':কৰ'ণা প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰে শেহতীয়াকৈ নতুন নিৰ্দেশনা জাৰি কৰাৰ পাচত বিশেষভাৱে ক্ষতিগ্ৰস্ত হৈছে মধ্যবিত্ত শ্ৰেণীৰ লোক আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকল ৷ দুগ্ধ ব্যৱসায়ীসকলো সন্মুখীন হৈছে লোকচানৰ ৷ শেহতীয়াকৈ দিনৰ 11 বজাত ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ আৰু 12 বজাৰ পৰা সান্ধ্য আইন জাৰি কৰাত নিতৌ শ শ লিটাৰ গাখীৰ পেলাই দিবলগীয়া হৈছে ৰাজ্যৰ দুগ্ধ ব্যৱসায়ীসকলে ৷ টীয়কৰ গোস্বামী মিল্ক প্ৰডাক্ট কোম্পানীতো একে ছবি দেখা গৈছে ৷
ব্যৱসায়িক প্ৰতিস্থানখনৰ লগত জড়িত প্ৰায় 550 টা পৰিয়ালে দৈনিক 800 ৰ পৰা 1,000 লিটাৰ গাখীৰ যোগান ধৰি আহিছিল ৷ সেই গাখীৰেৰে দুগ্ধজাত সামগ্ৰী যেনে দৈ, ক্ৰীম, পেৰা, ঘিউ আদি প্ৰস্তুত কৰি উজনি অসমত এক সুন্দৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছিল । কিন্তু সাম্প্ৰতিক পৰিৱেশৰ বাবে আংশিক লকডাউন ঘোষণা কৰাত দুগ্ধজাত সামগ্ৰীৰ চাহিদা কমি গৈছে ৷