যোৰহাট, ৫ নৱেম্বৰ:যোৰহাটৰ ৮নং সমষ্টিত শনিবাৰে বিজেপি আৰু অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ উপস্থিত হয় মন্ত্ৰী অতুল বৰা আৰু জয়ন্ত মল্ল বৰুৱা(Deori Autonomous Council 2022) ৷ অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কেনেডী দেউৰীৰ হৈ সমষ্টিটোত প্ৰচাৰ চলায় মন্ত্ৰীদ্বয়ে ৷ মন্ত্ৰী অতুল বৰা আৰু জয়ন্ত মল্ল বৰুৱাক নিৰ্বাচনী প্ৰচাৰত সংগ দিয়ে বিধায়ক ৰূপজ্যোতি কুৰ্মী, ভৱেন ভৰালীয়ে(DAC election campaign in Jorhat) ।
উল্লেখ্য যে, পশ্চিম যোৰহাটৰ ওপৰ দেউৰীৰ আৰু নাম দেউৰীৰ দুখন গাঁৱক লৈ গঠন হৈছে দেউৰীৰ পৰিষদীয় ৮ নং সমষ্টিটো । সমষ্টিটোত মুঠ ভোটাৰ আছে ১,৯৭৩ গৰাকীৰ । পূৰ্বে কংগ্ৰেছৰ দখলত আছিল এই সমষ্টিটো ৷ এইবাৰ সমষ্টিটোত কংগ্ৰেছৰ প্ৰাৰ্থী কেশৱ দেউৰীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে অগপ-বিজেপি মিত্ৰজোঁট তথা অগপৰ প্ৰাৰ্থী কেনেডী দেউৰীয়ে ৷
সমষ্টিটো নিজৰ দখললৈ আনিবলৈ আজি মিত্ৰজোঁটৰ প্ৰাৰ্থী কেনেডী দেউৰীৰ হৈ নিৰ্বাচনী চলাই মন্ত্ৰী অতুল বৰা(Minister Atul Bora DAC election campaign) আৰু জয়ন্ত মল্ল বৰুৱাই(Minister Jayanta Malla Baruah) ৷ তেওঁলোকে প্ৰচাৰৰ সময়ত কংগ্ৰেছ দলৰ লগতে সমষ্টিটোৰ কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীক ক্ষুৰধাৰ সমালোচনা কৰে ।