মৰিয়নী, ২৮ মে': মৰিয়নীৰ নকচাৰীত অবৈধ সুৰাৰ লগতে পেট্ৰল আৰু কেইবাটাও ভৰ্তি ৰন্ধন গেছৰ চিলিণ্ডাৰ জব্দ । মৰিয়নী আৰক্ষী থানাৰ অন্তৰ্গত দেবেৰাপাৰ আৰক্ষীয়ে বুধবাৰে নিশা জব্দ কৰে এখন 407 ট্ৰাক । জব্দ কৰা ট্ৰাক খনৰ পৰা 11 টা ভৰ্তি ৰন্ধন গেছৰ চিলিণ্ডাৰ, 6ৱকাৰ্টুন বিদেশী সুৰা আৰু প্ৰায় 200 লিটাৰ অবৈধভাৱে সৰবৰাহ কৰা পে'ট্ৰলৰ ড্ৰাম জব্দ কৰে ।
মৰিয়নীত সুৰা, পেট্ৰল আৰু ৰন্ধন গেছৰ ভৰ্তি চিলিণ্ডাৰ জব্দ - মৰিয়নী
মৰিয়নীত জব্দ অবৈধ সুৰাৰ লগতে পেট্ৰল আৰু ১১ টা ৰন্ধন গেছৰ ভৰ্তি চিলিণ্ডাৰ । নাগালেণ্ডৰ চাৰিং বস্তিলৈ চাউল দাইল জাতীয় অত্যাৱশ্যকীয় সামগ্ৰী বোজাই দিয়া এখন 407 ট্ৰাকৰ পৰা জব্দ কৰে সামগ্ৰীখিনি । লগতে আটক কৰে ২ জন ব্যক্তিক ।
![মৰিয়নীত সুৰা, পেট্ৰল আৰু ৰন্ধন গেছৰ ভৰ্তি চিলিণ্ডাৰ জব্দ মৰিয়নী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7381161-356-7381161-1590669010302.jpg)
জানিব পৰা অনুসৰি, মৰিয়নীৰ দেবেৰাপাৰ চাৰিআলিত AS-09-C9289 নম্বৰৰ এখন 407 ট্ৰাকত নাগালেণ্ডৰ চাৰিং বস্তিলৈ বুলি চাউল দাইল জাতীয় অত্যাৱশ্যকীয় সামগ্ৰী বোজাই কৰিছিল । কিন্তু দেবেৰাপাৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিতে উক্ত অত্যাৱশ্যকীয় সামগ্ৰী বোজাই কৰা 407 বাহনখন তালাচী চলাই চাউল দাইলৰ তলত অবৈধ ভাৱে নিয়া ৰন্ধন গেছৰ চিলিণ্ডাৰ, বিদেশী সুৰাৰ বটল আৰু পেট্ৰলৰ ড্ৰাম প্ৰত্যক্ষ কৰে ।
তাৰ পাচতে আৰক্ষীয়ে ততাতৈয়াকৈ 407 বাহনখন জব্দ কৰি দেবেৰাপাৰ আৰক্ষী চকীলৈ লৈ আনে । লগতে বাহন খনৰ চালকজনৰ লগতে চিৰাজুল ইছলাম নামৰ আন এজন স্থানীয় ব্যক্তিক আটক কৰে । পৰৱৰ্তী সময়ত দুয়োজনকে আৰক্ষীয়ে জেল হাজোতলৈ প্ৰেৰণ কৰে । অসমৰ পৰা এনেদৰে বহিঃৰাজ্যলৈ অবৈধ ভাৱে সামগ্ৰী সমূহ পঠোৱাৰ ক্ষেত্ৰত আৰু কোন জড়িত আছে তাৰ বাবে তদন্ত অব্যাহত ৰাখিছে দেবেৰাপাৰ আৰক্ষীয়ে ।
TAGGED:
মৰিয়নী