মৰিয়নী,27ফেব্ৰুৱাৰী :শুকুৰবাৰে ৰাজ্যত নিৰ্বাচনী অধিসূচনা জাৰী হোৱাৰ পাচতে কঠোৰ হৈ পৰিছে প্ৰশাসন ৷ মৰিয়নীত বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ তৎপৰতাত শনিবাৰে জব্দ কৰা হয় প্ৰায় 4 শতাধিক চাইকেল ৷ মৰিয়নী চাহ মজদুৰ ছাত্ৰাবাসত চাহ বাগিচাৰ লোকক বিলাবলৈ মজুত কৰি ৰখা অৱস্থাত মৰিয়নী ৰাজহ চক্ৰ বিষয়াৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে জব্দ কৰে চাইকেলসমূহ ৷
লক্ষণীয়ভাৱে, এই বৃহৎ সংখ্যক চাইকেলসমূহ কোনটো ৰাজনৈতিক দলে বিতৰণ কৰিবলৈ আনিছিল সেইয়া বৰ্তমানেও জানিব পৰা হোৱা নাই যদিও সমগ্ৰ বিষয় সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে প্ৰশাসনে ৷