যোৰহাট, ৭ মাৰ্চ: 'Man is Mortal, soul is immortal. Death is not goal all about our life' অৰ্থাৎ মানুহ পৃথিৱীত জন্ম হৈ মৃত্যু হোৱাটোৱে লক্ষ্য নহয়, ব্যক্তি সত্বা হিচাপে পৃথিৱীত কিবা এটা থৈ যোৱাটোহে মানুহৰ লক্ষ্য । এই বাৰ্তা বুকুত লৈ দিল্লীলৈ চাইকেল চলাই যোৱা এগৰাকী ৭৩ বছৰীয়া প্ৰাপ্ত বয়স্ক লোক । মনত ভৱা কথা বাস্তৱত ৰূপায়িত কৰিব লাগে বুলি কথাষাৰক সাৰোগত কৰি শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰায় ২০৫ খন মহাবিদ্যালয়লৈ চাইকেল চলোৱা প্ৰাপ্ত বয়স্ক ব্যক্তিগৰাকী হৈছে যোৰহাটৰ ন আলি ঢেকীয়াজুলিৰ নবীন চন্দ্ৰ দত্ত ।
২০১৮ চনৰ পৰা চাইকেল চলাই আহিছে নবীন চন্দ্ৰ দত্তই । এনেকৈয়ে চাইকেল চলাই দিল্লীলৈ গৈছিল নবীন চন্দ্ৰ দত্তই । ৰাজ্যৰ মহাবিদ্যালয়ে-মহাবিদ্যালয়ে চাইকেল চলোৱাৰ সজাগতাৰে এইদৰে চাইকেল চলাই আহিছে । তেওঁৰ চাইকেলৰ আগে-পাছে কেইখনমান ফলক লগোৱা আছে । এই ফলকত স্পষ্ট উল্লেখ আছে যে চাইকেল কিয় চলাব লাগে ?