আমগুৰি, ২৭ জানুৱাৰী :যোৰহাট জিলাৰ আগশাৰীৰ বেচৰকাৰী সংস্থা 'ৰুদ্ৰাক্ষী এটি নাম সহায়ৰ' আৰু কেয়াৰ ইউ ৩৬৫'ৰ যোৰহাট শাখাৰ যৌথ উদ্যোগত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী সম্পন্ন হয় । ৭৩নং চাওঁখাট ভৰলুৱা প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ লগতে সমীপৱৰ্তী বিদ্যালয়ৰ বহু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে এই অনুষ্ঠানত ৷ অনুষ্ঠানত কবিতা আবৃত্তি,চিত্ৰাংকণ আৰু মিউজিকেল চেয়াৰ আদি প্ৰতিযোগিতা সমূহ অনুষ্ঠিত কৰা হয়।বিজয়ী প্ৰতিযোগী সকলক মান পত্ৰ আৰু উপহাৰৰ টোপোলা আগবঢ়োৱা হয় তাৰোপৰি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত শিক্ষা সামগ্ৰী বিতৰণ কৰা হয়। উক্ত অনুষ্ঠানত ৰুদ্ৰাক্ষী আৰু কেয়াৰ ইউ ৩৫৫ ৰ বিষয়ববীয়া সকল উপস্থিত থকাৰ উপৰিও বিদ্যালয় খনৰ প্ৰধান শিক্ষয়িত্ৰীকে আদি কৰি শিক্ষক-কৰ্মচাৰী তথা স্থানীয় ৰাইজ সকলো উপস্থিত থাকে ।
যোৰহাটত ৭৩নং চাওঁখাট ভৰলুৱা প্ৰাথমিক বিদ্যালয়ত সাংস্কৃতিক অনুষ্ঠান
যোৰহাট জিলাৰ ৭৩নং চাওঁখাট ভৰলুৱা প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হয় এখন সাস্কৃতিক অনুষ্ঠান ৷ বেচৰকাৰী সংস্থা 'ৰুদ্ৰাক্ষী এটি নাম সহায়ৰ' আৰু কেয়াৰ ইউ ৩৬৫'ৰ যোৰহাট শাখাৰ যৌথ উদ্যোগত অনুষ্ঠিত হয় এই অনুষ্ঠান ৷
যোৰহাটত ৭৩নং চাওঁখাট ভৰলুৱা প্ৰাথমিক বিদ্যালয়ত সাংস্কৃতিক অনুষ্ঠান