অসম

assam

By

Published : Jul 28, 2020, 5:15 PM IST

ETV Bharat / state

যোৰহাটত "CAA" বিৰোধিতাৰে সাংস্কৃতিক প্ৰতিবাদ

উল্লেখ্য যে,CAA বিৰোধিতাৰ লগতে কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত সাংস্কৃতিক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে প্ৰতিবাদকাৰী সকলে। ইয়াৰোপৰি যদিহে শীঘ্ৰে CAA বাতিল নকৰে তেন্তে ইয়াৰ ফলাফল আগন্তুক নিৰ্বাচনত দেখিবলৈ পাব বুলিও হুংকাৰ দিয়ে প্ৰতিবাদ সাব্যস্ত কৰা জাতীয় সংগঠনে।

CAA
যোৰহাট

যোৰহাট, 28 জুলাই :মহামাৰীৰ মাজতো যোৰহাটত পুনৰ CAA বিৰোধী আন্দোলন ৷ মঙলবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত যুৱ ছাত্ৰ পৰিষদ,ছাত্র মুক্তি সংগ্ৰাম সমিতি আৰু চুতীয়া ছাত্র সন্থাই এই CAA বিৰোধী আন্দোলনত অংশগ্ৰহণ কৰে ৷ সমগ্র ৰাজ্যৰ বিভিন্ন জিলাৰ সমান্তৰালকৈ যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে বিভিন্ন জাতীয় সংগঠনে ।

যোৰহাটত "CAA" বিৰোধিতাৰে সাংস্কৃতিক প্ৰতিবাদ

লগতে পঢ়কঃঅখিল গগৈৰ মুক্তিৰ দাবীত গোলাঘাটত উত্তাল প্ৰতিবাদ

উল্লেখ্য যে,CAA বিৰোধিতাৰ লগতে কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত সাংস্কৃতিক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে প্ৰতিবাদকাৰী সকলে। ইয়াৰোপৰি যদিহে শীঘ্ৰে CAA বাতিল নকৰে তেন্তে ইয়াৰ ফলাফল আগন্তুক নিৰ্বাচনত দেখিবলৈ পাব বুলিও হুংকাৰ দিয়ে প্ৰতিবাদ সাব্যস্ত কৰা জাতীয় সংগঠনে।

উল্লেখ্য যে,দেশৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে বান্ধি দিয়া সকলো নীতি-নিয়মৰ লগতে সামাজিক দূৰত্ব মানি প্ৰতিবাদকাৰী সকলে প্ৰতিবাদ সাব্যস্ত কৰে ৷

ABOUT THE AUTHOR

...view details