যোৰহাট, 23 জানুৱাৰী :যোৰহাটৰ ৰাজপথতবৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা (Cultural really in Teok) ৷ পূৱ যোৰহাট আঞ্চলিক মইনা পাৰিজাতৰ ৩১ সংখ্যক শিশু সমাৰোহৰ সৈতে সংগতি ৰাখি উলিওৱা হয় এই সাংস্কৃতিক শোভাযাত্ৰাৰ ৷ টীয়কৰ বলমা মাজমুৰি সাংস্কৃতিক মঞ্চত সোণালী মইনা পাৰিজাত,আলোক সন্ধানী মইনা পাৰিজাত আৰু উদ্দীপ্তজ্যোতি মইনা পাৰিজাতৰ উদ্যোগত তথা স্থানীয় ৰাইজৰ সহযোগত অনুস্থিত হৈছে এই বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰ (Cultural procession competition in Teok)।
তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে এই সাংস্কৃতিক শোভাযাত্ৰাৰ ৷ অনুষ্ঠানৰ তৃতীয় তথা অন্তিম দিনা অনুষ্ঠিত হৈছে সাংস্কৃতিক শোভাযাত্ৰা প্ৰতিযোগিতাৰ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কেইবাটাও মইনা পাৰিজাতৰ শাখাৰ কণ কণ মইনাই সাংস্কৃতিক শোভাযাত্ৰা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে ৷ এই প্ৰতিযোগিতা খনিত মইনা পাৰিজাতৰ প্ৰায় ৩৫ টা শাখাৰ ৭০ টা মইনা আৰু কেইবাটাও চেমনীয়া শিশুৰ দলে অংশগ্ৰহণ কৰিছে বুলি জানিবলৈ পৰা গৈছে ।
পূৱ যোৰহাট আঞ্চলিক মইনা পাৰিজাতৰ ৩১ সংখ্যক শিশু সমাৰোহৰ সৈতে সংগতি ৰাখি উলিওৱা সাংস্কৃতিক শোভাযাত্ৰাত কণ কণ মইনাহঁতে প্ৰদৰ্শন কৰে অসমীয়া কৃষ্টি-সংস্কৃতি ৷ বিবাহৰ পৰম্পৰা, মাছ ধৰা পৰম্পৰাৰ পৰা আৰম্ভ কৰি অসমৰ সমাজ-জীৱনৰ সৈতে সম্পৃক্ত প্ৰতিটো কৃষ্টিকে যথাযথভাবে তুলি ধৰিবলৈ সক্ষম হয় মইনা পাৰিজাতৰ মইনাহঁতে ৷