টীয়ক,2 আগষ্ট : লক ডাউনৰ বাবে বহু শিক্ষিত যুৱক-যুৱতীয়ে চাকৰিৰ আশা বাদি দি নিয়োজিত হৈছিল কৃষি-কৰ্মত ৷ কিন্তু প্ৰায় চাৰিমহীয়া লক ডাউনৰ বাবে কৃষকৰ উৎপাদিত সামগ্ৰী বিক্ৰীৰ ক্ষেত্ৰত দেখা দিছে যথেষ্ঠ সমস্যা ৷ ৰাজ্য চৰকাৰৰ উপযুক্ত নীতিৰ অভাৱত কৃষকৰ উৎপাদিত শস্য নষ্ট হৈছে বাৰীত ৷
বজাৰৰ অভাৱত বাৰীতে নষ্ট কৃষকৰ উৎপাদিত শস্য - ইটিভি ভাৰত টীয়ক
লক ডাউনৰ বাবে কৃষকৰ উৎপাদিত সামগ্ৰী বিক্ৰীৰ ক্ষেত্ৰত দেখা দিছে যথেষ্ঠ সমস্যা ৷ ৰাজ্য চৰকাৰৰ উপযুক্ত নীতিৰ অভাৱত কৃষকৰ উৎপাদিত শস্য নষ্ট হৈছে বাৰীত ৷ প্ৰায় সাত বিঘা মাটিত নেমুটেঙা খেতিৰ লগতে ভোট জলকীয়া খেতিৰে দহজনক আদৰ্শ দেখুওৱা টীয়কৰ ভোমোৰা মিচিং গাঁৱৰ যুৱক মুনিল টাইৰো সম্প্ৰতি একেই অৱস্থা দেখা গৈছে ৷
প্ৰায় সাত বিঘা মাটিত নেমুটেঙা খেতিৰ লগতে ভোট জলকীয়া খেতিৰে দহজনক আদৰ্শ দেখুওৱা টীয়কৰ ভোমোৰা মিচিং গাঁৱৰ যুৱক মুনিল টাইৰো সম্প্ৰতি একেই অৱস্থা দেখা গৈছে ৷ ব্যক্তিগৰাকীয়ে বিগত সময়ছোৱাত টায়ে উন্নত জাতৰ নেমু টেঙা পুলিৰ নাৰ্চাৰী খোলাৰ লগতে স্থানীয় কুকুৰা পালনেৰে সূচল কৰিছিল উপাৰ্জনৰ পথ ৷ বছৰেকত নেমু খেতিৰ জৰিয়তে প্ৰায় তিনি লক্ষাধিক ধন উপাৰ্জন কৰিবলৈ সক্ষম হোৱা ব্যক্তিগৰাকীয়ে সম্প্ৰতি কৰ’ণা ভাইৰাছৰ বাবে জাৰি কৰা লক ডাউনৰ বাবে সন্মুখীন হৈছে বিভিন্ন সমস্যাৰ ৷ সেয়ে চৰকাৰক লক ডাউন সত্বেও এখন বজাৰৰ ব্যৱস্থা কৰি দিবলৈ আহ্বান জনাইছে ব্যক্তিগৰাকীয়ে ৷
লগতে চাওকঃপথ নিৰ্মাণৰ নামত লাখটকীয়া ফলক আঁৰিয়ে সামৰিলে দায়িত্ব