যোৰহাট, 12 জুলাই: কৰ'ণা মহামাৰী (Covid-19) ৰ দ্বিতীয়টো ঢৌত সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাট জিলাতো ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ কৰ'ণা প্ৰতিৰোধ কৰিবলৈ চৰকাৰে আংশিক লক ডাউন ঘোষণা কৰাৰ পাছত বহু পৰিমাণে কৰ'ণাত আক্ৰান্ত লোকৰ সংখ্যা হ্ৰাস পাইছিল ৷ কিন্তু চৰকাৰে লক ডাউন শিথিল কৰি দিয়াত পুনৰ গোলাঘাট, যোৰহাটকে ধৰি কোনো কোনো জিলাত ভয়ংকৰভাৱে পুনৰ বৃদ্ধি পাবলৈ ধৰিছে আক্ৰান্তৰ সংখ্যা ৷
গণ সংক্ৰমণৰ বাবে অৰ্ধ সামৰিক বাহিনীৰ দায়িত্বত যোৰহাট জিলাখনত ভয়াৱহ ৰূপত ক’ভিড সংক্ৰমণ বৃদ্ধি পোৱাৰ পাচতো কাণসাৰ নাই একাংশ জনতাৰ ৷ যাৰ ফলত প্ৰতিদিনে জিলাখনত বৃদ্ধি পাইছে গণ সংক্ৰমণ ৷ অৱশেষত যোৰহাট অৰ্ধ সামৰিক বাহিনীক দায়িত্ব অৰ্পণ কৰা হয় যোৰহাট জিলাৰ । ব্যাপক হাৰত ক’ভিড প্ৰট’কল ভংগ কৰাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷
ভয়াৱহ ক’ভিড সংক্ৰমণ বৃদ্ধি আৰু ব্যাপক হাৰত ক’ভিড প্ৰট’কল ভংগ কৰাৰ বাবে জিলা প্ৰশাসনে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে দুটা দিনৰ বাবে সম্পূৰ্ণ দায়িত্ব অৰ্পণ কৰিলে অৰ্ধ সামৰিক বাহিনীৰ হাতত ।
সাতখন জিলা সম্পূৰ্ণ কণ্টেইনমেণ্ট জিলা হিচাপে ঘোষণা কৰাৰ পাছত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছিল যদিও একাংশ জনতাৰ বাবে জিলাখন বৰ্তমান ৰেড জ'ন হিচাপে ঘোষণা কৰা হ’ল । দৈনিক বৃদ্ধি পাবলৈ ল’লে ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা । নিতৌ নতুন নতুন ঠাইলৈ সম্প্ৰসাৰণ ঘটিছে আক্ৰান্তৰ সংখ্য়া ।
অৰ্ধ সামৰিক বাহিনীৰ দায়িত্বত যোৰহাট আনহাতে, দৈনিক ২০০ জনকৈ আক্ৰান্ত হৈছে যোৰহাটত । ইতিমধ্যে মৃত্যু ঘটিছে 251 জনকৈ লোকৰ ৷ সাধাৰণ জনতাই অজুহাত দেখুৱাই ওলাই আহি অযথা চহৰখনত ভীৰ কৰাৰ বাবে বৃদ্ধি পাবলৈ ল’লে কভিডত আক্ৰান্ত লোকৰ সংখ্যা ।
যাৰ ফলত বাধ্য হৈ জিলা প্ৰশাসনে সোমবাৰৰ পৰা দুটা দিন জিলাখনৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অৰ্ধ সামৰিক বাহিনীৰ হাতত অৰ্পণ কৰে । যদি এই দুটা দিনৰ ভিতৰত কিছু পৰিমাণে হ’লেও আক্ৰান্তৰ সংখ্যা হ্ৰাস নাপায়, তেনেহ’লে অৰ্ধ সামৰিক বাহিনীৰ সময় পুনৰ বৃদ্ধি কৰা সম্ভাৱনা আছে ।
লগতে পঢ়ক:ক'ভিড 19: দেশত আক্ৰান্ত আৰু মৃত্যুৰ শেহতীয়া তথ্য