অসম

assam

By

Published : Nov 26, 2022, 2:24 PM IST

ETV Bharat / state

Cricket Match in Jorhat : যোৰহাটত সাংবাদিকৰ মাজত প্ৰীতি ক্ৰিকেট

যোৰহাট প্ৰেছ ক্লাবৰ সৌজন্যত ২৫ নৱেম্বৰত জিলাখনৰ পশ্চিম যোৰহাট উপ ক্ৰীড়া সন্থাৰ খেলপথাৰত এদিনীয়া প্ৰীতি ক্ৰিকেট প্ৰতিযোগিতাৰ আয়োজন কৰা হয় । যোৰহাটৰ সাংবাদিকৰ মাজত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলখত প্ৰেছ ক্লাবৰ সম্পাদক একাদশক পৰাস্ত কৰি বিজয়ী হয় যোৰহাট সংবাদদাতা একাদশ (Cricket tournament between journalists in Jorhat)।

Cricket Match in Jorhat
যোৰহাটত সাংবাদিকৰ মাজত প্ৰীতি ক্ৰিকেট

যোৰহাট, 26 নৱেম্বৰ : পশ্চিম যোৰহাট উপ ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত হ'ল প্ৰীতি মিডিয়া ক্ৰিকেট প্ৰতিযোগিতা ৷ পশ্চিম যোৰহাট উপ ক্ৰীড়া সন্থা খেলপথাৰত সাংবাদিকৰ মাজত অনুষ্ঠিত প্ৰীতি ক্ৰিকেট প্ৰতিযোগিতাৰ চূড়ান্ত খেলত জয়ী সংবাদদাতা একাদশ ৷

যোৰহাট প্ৰেছ ক্লাবৰ(Jorhat press club) সৌজন্যত ২৫ নৱেম্বৰত জিলাখনৰ পশ্চিম যোৰহাট উপ ক্ৰীড়া সন্থাৰ খেলপথাৰত এদিনীয়া প্ৰীতি ক্ৰিকেট প্ৰতিযোগিতাৰ আয়োজন কৰা হয় (West Jorhat Sports Association Play Ground)। যোৰহাটৰ সাংবাদিকৰ মাজত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলখত প্ৰেছ ক্লাবৰ সম্পাদক একাদশক পৰাস্ত কৰি বিজয়ী হয় যোৰহাট সংবাদদাতা একাদশ (Cricket tournament between journalists in Jorhat)।

সম্পাদক একাদশ দলে টছত জয়লাভ কৰি দুপৰীয়া ২ বজাৰ পৰা খেলা চূড়ান্ত খেলখনত প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় । সম্পাদক একদশে নিৰ্ধাৰিত ৮ অভাৰত ৭ উইকেট হেৰুৱাই ৮২ ৰাণ সংগ্ৰহ কৰে । আনহাতে, সংবাদদাতা একাদশৰ হৈ কাকনজ্যোতি শৰ্মা, পূৰ্ণ বিকাশ বৰা আৰু পিংকু বৰাই দুটাকৈ উইকেট দখল কৰে ।

যোৰহাটত সাংবাদিকৰ মাজত প্ৰীতি ক্ৰিকেট

৭.৪ অভাৰত ৫ উইকেট হেৰুৱাই চূড়ান্ত লক্ষ্যত উপনীত হৈ বিজয়ী হয় সংবাদদাতাৰ একাদশ দল । দলৰ হৈ সৰ্বাধিক ৰাণ সংগ্ৰহ কৰে বিৰাজ বৰুৱাই । বিৰাজে নিজৰ ইনিংছত তিনিটা চাৰি আৰু দুটা ছয়ৰ সহায়ত ৩০ ৰাণ সংগ্ৰহ কৰে । আনহাতে, অমৰ বৰুৱাই দুটা চাৰি আৰু তিনিটা ছয়ৰ সহায়ত অপৰাজিত ২৯ ৰাণ সংগ্ৰহ কৰে । সম্পাদক একাদশৰ পৰা দুটাকৈ উইকেট দখল কৰে সঞ্জয় শইকীয়া আৰু অনিবেশন বৰুৱাই ।

আনহাতে দুয়োখন খেলতে সংবাদদাতা একাদশৰ খৈলুৱৈ জিন্টু শইকীয়াই সুন্দৰ খেল প্ৰদৰ্শন কৰে । চূড়ান্ত খেলৰ পিছত অনুষ্ঠিত হোৱা পুৰস্কাৰ বিতৰণ অনুষ্ঠানত সংবাদদাতা একাদশৰ অমৰক মেচ অৱ দ্য মেচ আৰু সম্পাদক একাদশৰ জিতেন্দ্ৰ কুমাৰ ভাৰতীক মেন অৱ দ্য ছিৰিজৰ সন্মান প্ৰদান কৰা হয় । ইয়াৰ পূৰ্বে প্ৰতিযোগিতাখনৰ প্ৰথমখন খেলত সম্পাদক একাদশ দলে সভাপতি একাদশক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে (Cricket match between journalists)।

এই খেলখনত সম্পাদক একাদশ দলটোৱে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত দহ অভাৰত ৬ টা উইকেট হেৰুৱাই ৭৬ ৰাণ সংগ্ৰহ কৰে ৷ নিৰ্ধাৰিত লক্ষ্য খেদি সভাপতিৰ একাদশ দলটোৱে সকলো উইকেট হেৰুৱাই ৭২ ৰাণ কৰে । প্ৰতিযোগিতাখনৰ দ্বিতীয়খন খেলত সংবাদদাতাৰ একাদশ দলে ৰাজীৱ বৰাৰ একাদশক ৮ উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে ।

যোৰহাটত সাংবাদিকৰ মাজত প্ৰীতি ক্ৰিকেট

সংবাদদাতাৰ একাদশ দলে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় । প্ৰথমে বেটিং কৰি ৰাজীৱ বৰাৰ একাদশ দলে নিৰ্ধাৰিত ৮ অভাৰত ৬২ ৰাণ সংগ্ৰহ কৰে । লক্ষ্য খেদি সংবাদদাতাৰ একাদশ দলে দুটা উইকেট হেৰুৱাই নিজৰ লক্ষ্যত উপনীত হয় । একে সময়তে প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানৰ সময়ত জ্যেষ্ঠ ক্ৰীড়া সংবাদদাতা তথা কৃষি বিজ্ঞানী ড৹ তপন দত্ত, জ্যেষ্ঠ সাংবাদিক ললিত বৰা, পশ্চিম যোৰহাট প্ৰেছ ক্লাবৰ সভাপতি ৰমেন শইকীয়া, যোৰহাট প্ৰেছ ক্লাবৰ সভাপতি দিগন্ত বুঢ়াগোহাঁই, সম্পাদক প্ৰদীপ বৰা উপস্থিত থাকে ।

সন্ধিয়া আয়োজন কৰা পুৰস্কাৰ বিতৰণ অনুষ্ঠানত যুৱ সমাজকৰ্মী বিজয় শংকৰ বৰদলৈ আৰু যোৰহাট ক্ৰীড়া সন্থাৰ সম্পাদক জুল খাউণ্ডকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে । প্ৰতিযোগিতাৰ বিজয়ী আৰু ৰানাৰ্ছ আপ দলক ট্ৰফী আৰু মেডেলসহ পুৰস্কাৰ প্ৰদান কৰা হয় ।

জ্যেষ্ঠ সাংবাদিক ৰাজীৱ বৰাক প্ৰবীণ সাংবাদিক বঁটা প্ৰদান কৰা হয় । সংবাদদাতা একাদশৰ বিৰাজ বৰুৱাই শ্ৰেষ্ঠ বেটছমেনৰ সন্মান লাভ কৰাৰ বিপৰীতে কাকনজ্যোতি শৰ্মাক শ্ৰেষ্ঠ বলাৰ হিচাবে সন্মানিত হয় । পশ্চিম যোৰহাট উপ ক্ৰীড়া সন্থাৰ খেলপথাৰত আয়োজিত খেলত অংকুৰ খাৰঘৰীয়া আৰু দাদুল বৰাই আম্পায়াৰ কৰে ।

আনহাতে দেৱজিত বৰাই স্ক’ৰাৰ হিচাপে অৰিহণা যোগাইছিল । যোৰহাট প্ৰেছ ক্লাৱৰ সকলো সাংবাদিকে উক্ত প্ৰতিযোগিতাত সহযোগ কৰে ।

লগতে পঢ়ক :FIFA world cup 2022: প্ৰথমবাৰৰ বাবে ৰেফাৰীৰ দায়িত্বত মহিলা

ABOUT THE AUTHOR

...view details