যোৰহাট, 22 ডিচেম্বৰ :কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰা তিনিখনকৈ কৃষি আইনৰ বিৰুদ্ধে সমগ্ৰ দেশজুৰি প্ৰতিবাদ অব্যাহত আছে ৷ বিশেষকৈ 6 ডিচেম্বৰৰ পৰা সিংঘু বৰ্ডাৰত হাৰিয়ানা, পঞ্জাৱ, মধ্য প্ৰদেশৰ কৃষক সকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ ইতিমধ্যে, প্ৰতিবাদত বহু কেই গৰাকী কৃষকৰ মৃত্যু হৈছে ৷
যোৰহাটত কৃষক আন্দোলনত নিহত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি - মধ্য প্ৰদেশ
কৃষি আইনৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰি মত্যু বৰণ কৰা কৃষকক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে চি পি আই এমে ৷ যোৰহাটৰ মিলেনিয়াম পাৰ্কৰ সন্মুখত নিহত শ্বহীদ কৃষক সকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে চি পি আই এমে ৷
যোৰহাটত কৃষক আন্দোলনত নিহত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি
মঙলবাৰে প্ৰতিবাদত মৃত্যু হোৱা কৃষকৰ আত্মাৰ সদগতিৰ বাবে এক শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ যোৰহাটৰ মিলেনিয়াম পাৰ্কৰ সন্মুখত নিহত শ্বহীদ কৃষক সকলক শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে চি পি আই এমে ৷ শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰ পৰাই কৃষি আইন তিনিখন বাতিলৰ দাবী জনাই সংগঠনটোৰ প্ৰতিনিধিৰ লগতে উপস্থিত ৰাইজে ৷
লগতে পঢ়ক :গৌৰীসাগৰত প্ৰধান শিক্ষকৰ বিৰুদ্ধে ছাত্ৰী নিৰ্যাতনৰ অভিযোগ