যোৰহাট, ২০ মে':আৰক্ষী উপ পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যুৱে প্ৰমাণ কৰিলে অসম আৰক্ষী কিমান দুৰ্নীতিগ্ৰস্ত । এই মন্তব্য় যোৰহাট জিলা চি পি আই এমৰ (Jorhat CPIM press conference)। শনিবাৰে যোৰহাট জিলা চি পি আই এমৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত এইদৰে মন্তব্য় কৰে চি পি আই এমৰ নেতাসকলে । আজি ৰাজ্য় চৰকাৰৰ কাম-কাজ সন্দৰ্ভত তীব্ৰ সমালোচনা কৰি চি পি আই এমৰ নেতাসকলে কয় যে চৰকাৰখনে জনসাধাৰণক সকলো ক্ষেত্ৰতে নিৰাপত্তা প্ৰদান কৰাত ব্য়ৰ্থ হৈছে । চি পি আই এমৰ নেতাসকলে কয় যে জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাই প্ৰমাণ কৰিলে অসম আৰক্ষী কিমান দুৰ্নীতিগ্ৰস্ত (Press Meet of CPIM at Jorhat)।
তেওঁলোকে কয় যে বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি দি সেইবোৰ পালনত ব্যৰ্থ হৈছে । অসমবাসী জ্ঞাত যে বিজেপি চৰকাৰে অসমত সাত বছৰ সম্পূৰ্ণ কৰিলে । প্ৰথম পাঁচটা বছৰ সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত আৰু যোৱা দুটা বছৰ ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বত সাত বছৰ সম্পূৰ্ণ কৰিলে । যোৱা দুবছৰ সম্পূৰ্ণ হোৱা বাবে ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বধীন চৰকাৰে ধুম ধামেৰে বৰ্ষপূৰ্তি আৰম্ভ কৰিছে । কিন্তু যোৱা দুবছৰতে এইখন চৰকাৰে যি প্ৰবঞ্চনা আৰু ব্যৰ্থতা প্ৰদৰ্শন দাঙি ধৰিলে সেয়া অতি স্পষ্টকৈ ওলাই পৰিছে ।