যোৰহাট,10এপ্ৰিল:ৰাজ্যত ইজনৰ পিছত আনজন আক্ৰান্ত হৈছে মহামাৰী কৰ'ণা ভাইৰাছত ৷ ৰাজ্যৰ বিভিন্ন ঠাইৰ সমান্তৰালভাৱে যোৰহাটত বৃদ্ধি পাইছে কৰ'ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ যোৰহাটত একেদিনাই 23জন লোকৰ শৰীৰত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ অৱস্থিতি ৷
যোৰহাটত একেদিনাই 23জনকৈ লোক আক্ৰান্ত ক'ভিড19ত
যোৰহাটত একেদিনাই 23জন লোকৰ শৰীৰত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ অৱস্থিতি ৷ এই 23জনৰ ভিতৰত 12জনেই আৰক্ষী জোৱান ৷ জানিব পৰা মতে,আটাইকেইজন আৰক্ষী জোৱান বিধানসভা নিৰ্বাচনত কৰ্তব্যৰত আছিল ৷
যোৰহাটত একেদিনাই 23জনকৈ লোক আক্ৰান্ত ক'ভিড19ত
লক্ষণীয় কথা যে,এই 23জনৰ ভিতৰত 12জনেই আৰক্ষী জোৱান ৷ জানিব পৰা মতে,আটাইকেইজন আৰক্ষী জোৱান বিধানসভা নিৰ্বাচনত কৰ্তব্যৰত আছিল ৷ উল্লেখ্য যে,নিৰ্বাচনী কৰ্তব্য পালন কৰি ঘূৰি অহাৰ পাছতে ২১৩ জন আৰক্ষী জোৱানৰ কৰোৱা হৈছিল ক'ভিড টেষ্ট ৷ আনহাতে কৰ'ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্য়া বৃদ্ধি হোৱা ঘটনাই এতিয়া আতংকিত কৰি তুলিছে যোৰহাটবাসীক ৷
লগতে পঢ়ক:লুৰীণজ্যোতি গগৈৰ বাসগৃহত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল