অসম

assam

ETV Bharat / state

যোৰহাটত পুনৰ ক'ভিডত আক্ৰান্ত হৈ এগৰাকীৰ মৃত্যু - যোৰহাটত দৈনিক বৃদ্ধি পাবলৈ লৈছে ক'ভিডত আক্ৰান্ত হোৱা লোকৰ সংখ্যা

যোৰহাটত দৈনিক বৃদ্ধি পাবলৈ লৈছে ক'ভিডত আক্ৰান্ত হোৱা লোকৰ সংখ্যা । ক'ভিডত আক্ৰান্ত হৈ পুনৰ এগৰাকীৰ মৃত্যু জিলাখনত । সমগ্ৰ জিলাখনত বৰ্তমানলৈ ৯৩৫ জন পজিটিভ ৰোগী আছে ।

Covid
যোৰহাটত পুনৰ ক'ভিডত আক্ৰান্ত হৈ এগৰাকীৰ মৃত্যু

By

Published : May 10, 2021, 2:05 PM IST

যোৰহাট, ১০ মে': ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাই আহিছে ক'ভিড-১৯ ত আক্ৰান্ত লোকৰ সংখ্যা ৷ স্বাস্থ্য বিভাগ তথা প্ৰশাসন সকলো সময়তে সষ্টম হৈ থকাৰ পিছতো ৰোধ কৰিব পৰা নাই কৰ'ণাৰ গণ সংক্ৰমণ ৷ ৰাজ্যৰ অন্য জিলাৰ লগতে যোৰহাট জিলাতো ক'ভিডৰ ভয়ংকৰ সংক্ৰমণ বৃদ্ধি পাইছে ।

যোৰহাটত পুনৰ ক'ভিডত আক্ৰান্ত হৈ এগৰাকীৰ মৃত্যু

সমান্তৰালকৈ, মৃত্যুৰ সংখ্যাও দৈনিক বৃদ্ধি পাবলৈ লৈছে জিলাখনত । সোমবাৰে, চহৰখনৰ চাজবিন বেগম হাজৰিকা নামৰ এগৰাকী মহিলা ক'ভিডত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱায় । যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় মহিলাগৰাকীৰ ।

বিগত বৰ্ষৰ তুলনাত এই বৰ্ষত যোৰহাট জিলাৰ বিভিন্ন অঞ্চলৰ লগতে চহৰখনতো দৈনিক ব্যাপক হাৰত বৃদ্ধি পাইছে ক'ভিডত আক্ৰান্ত লোকৰ সংখ্যা । আনহাতে, কন্টেইনমেন জ'নৰ সংখ্যাও বৃদ্ধি পাইছে । ইতিমধ্যে সমগ্ৰ জিলাখনত বৰ্তমানলৈ ৯৩৫ জন পজিটিভ ৰোগী আছে । ইয়াৰ বিপৰীতে, মৃত্যু হৈছে ৮৯ জনৰ ।

লগতে পঢ়ক: ধুবুৰীত কৰ'ণাত আক্ৰান্তৰ সংখ্য ১,০২৯ জনলৈ বৃদ্ধি

ABOUT THE AUTHOR

...view details