যোৰহাট, 24 এপ্ৰিল : সমগ্ৰ দেশৰ লগতে অসমতো ক্ৰমাগতভাৱে বৃদ্ধি পাইছে কৰ’ণা সংক্ৰমণৰ ঘটনা ৷ জটিল ক’বিড পৰিস্থিতয়ে চিন্তাম্বিত কৰি তুলিছে সকলোকে ৷ ইয়াৰ মাজতে অসম কৃষি বিশ্ববিদ্যালৰ মূল চৌহদত শনিবাৰে এক ক’ভিডৰ প্ৰতিষেধক প্ৰদান শিবিৰ অনুষ্ঠিত হয় । ক’ভিডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি বিশ্ববিদ্যালয় পৰিয়ালৰ লোকসকলক সংক্ৰমণৰ পৰা ৰক্ষা কৰাৰ বাবে গ্ৰহণ কৰা এই প্ৰতিষেধক প্ৰদান কাৰ্যসূচীত বিশ্ববিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীসহ ৪০০ গৰাকীক এই প্ৰতিষেধক প্ৰদান কৰা হয় । অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ, অসম কৃষি বিশ্ববিদ্যালয়ৰ ক’ভিড মেনেজমেন্ট কোষ আৰু বিশ্ববিদ্যালয়ৰ এন এছ এছৰ যুটীয়া উদ্যোগত অনুষ্ঠিত কাৰ্যসূচীত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ বিদ্যুৎ চন্দন ডেকা উপস্থিত থাকি সকলোকে উৎসাহিত কৰে ।
অসম কৃষি বিশ্ববিদ্যালয়ত ক’ভিড প্ৰতিষেধক প্ৰদান শিবিৰ - AAU covid vaccination camp
অসম কৃষি বিশ্ববিদ্যালয়ৰ মূল চৌহদত ক’ভিড প্ৰতিষেধক প্ৰদান শিবিৰৰ আয়োজন ৷ অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ, অসম কৃষি বিশ্ববিদ্যালয়ৰ ক’ভিড মেনেজমেন্ট কোষ আৰু বিশ্ববিদ্যালয়ৰ এন এছ এছৰ যুটীয়া উদ্যোগত অনুষ্ঠিত হয় এই প্ৰতিষেধক প্ৰদান শিবিৰ ৷
অসম কৃষি বিশ্ববিদ্যালয়ত ক’ভিড ভেকচিনেশ্যন শিবিৰ
এই অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অৰ্পন কুমাৰ শইকীয়া , কৃষি বিজ্ঞানগুৰু ড৹ জয়ন্ত ডেকা, ছাত্ৰ কল্যাণ সঞ্চালক ড৹ ৰাণা প্ৰতাপ ভূঞা, সহযোগী সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড৹ ৰঞ্জিত কুমাৰ সাউদ, এন এছ এছৰ তত্বাবধায়ক ড৹ সজীৱ বৰুৱা, ক’ভিড ব্যৱস্থাপনা কোষৰ ড৹ সুন্দৰ বৰ্মন, ড৹ অপূৰ্ব দাস আৰু যোৰহাট জিলা প্ৰতিষেধক বিষয়া ডা৹ মঞ্জুলা হাজৰিকাৰ লগতে উপস্থিত থাকে আন কেইবাজনো অধ্যাপক আৰু গৱেষক ৷
লগতে পঢ়ক :সুৰা নথকাত ছেনিটাইজাৰ পান কৰি ৫ জনৰ মৃত্যু