অসম

assam

ETV Bharat / state

যোৰহাটত ক'ৰণাৰে যুঁজ দিয়া কৰ্মচাৰীৰ SWAB সংগ্ৰহ - jorhat airport

যোৰহাট জিলাত ক'ভিড-১৯ ৰ লগত হোৱা যুঁজখনত সমুখ সমৰত থাকি কৰ্তব্য সম্পাদন কৰা যুঁজাৰু সকলৰ SWAB সংগ্ৰহৰে পৰীক্ষাৰ প্ৰক্ৰিয়া সম্পন্ন কৰা হৈছে । শুকুৰবাৰে যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমূহ কৰ্মচাৰীৰ SWAB সংগ্ৰহ কৰা হয় ।

covid_test_forntline_ warrior_jorhat
যোৰহাটত ক'ৰণাৰে যুঁজ দিয়া কৰ্মচাৰীৰ SWAB সংগ্ৰহ

By

Published : Jun 19, 2020, 4:13 PM IST

যোৰহাট, ১৯জুন:যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ প্ৰাংগণত শুকুৰবাৰে ক'ভিড-১৯ৰ লগত হোৱা যুঁজখনত সমুখ সমৰত থাকি কৰ্তব্য সম্পাদন কৰা যুঁজাৰু সকলৰ নমুনা পৰীক্ষাৰ প্ৰক্ৰিয়া সম্পন্ন কৰা হয় । যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমূহ কৰ্মচাৰীৰ SWAB সংগ্ৰহ কৰি ইতিমধ্যে পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছে ।

যোৰহাটত ক'ৰণাৰে যুঁজ দিয়া কৰ্মচাৰীৰ SWAB সংগ্ৰহ

পৰৱৰ্তী সময়ত পৰ্যায় ক্ৰমে জিলাখনৰ ৰেল ষ্টেচন,মৰিয়নী, তিতাবৰকে ধৰি বিভিন্ন জনবহুল স্থান সমূহৰ লগতে যোৰহাট চহৰৰ ট্ৰাক চালক,পৰিচালক,আৰক্ষী তথা সাংবাদিক সকলকে ধৰি বিভিন্নজনৰ SWAB সংগ্ৰহ কৰা হব বুলি জনালে জিলা কৰ্তৃপক্ষই ।

যোৰহাটত ক'ৰণাৰে যুঁজ দিয়া কৰ্মচাৰীৰ SWAB সংগ্ৰহ

ইতিমধ্যে বৃহস্পতিবাৰে যোৰহাটৰ বিমান বন্দৰতো আৰম্ভ হৈ যায় এক surveillance program ৰ । এই program ৰ সময়চোৱাত যোৰহাট বিমানবন্দৰত সংগ্ৰহ কৰা হয় মুঠ ৭৮ জনকৈ লোকৰ SWAB ।

উল্লেখযোগ্য যে স্বাস্থ্য বিভাগে ক'ৰুণা বিৰোধী এই ৰণত সন্মুখৰ পৰা যুঁজ দিয়া এই সকল কৰ্মচাৰীৰ স্বাস্থ্য পৰীক্ষা কৰা কাৰ্যৰ ফলত কৰ্মচাৰী সকলে অধিক শক্তিৰে এই যুঁজত অৱতীৰ্ণ হবলৈ মনোবল পাব বুলি মত ব্যক্ত কৰিলে যোৰহাট জিলাৰ অতিৰিক্ত উপায়ুক্ত বিপুল দাসে।

লগতে চাওকঃ মাস্ক পৰিধান সম্পৰ্কে সচেতন নহয় ৰঙিয়াবাসী

ABOUT THE AUTHOR

...view details