যোৰহাট,১ মে’: দেওবাৰে অনুষ্ঠিত হ'ব অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা । কিন্তু এনে সময়তে কৰ'ণাৰ সংক্ৰমণে ভয়ংকৰ ৰূপ লৈছে সমগ্ৰ অসমত । সেয়ে নিৰ্বাচন আয়োগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা । ভোট গণনাৰ জৰিয়তে আন ব্যক্তিসকলৰ উপৰিও বাতৰি সংগ্ৰহৰ দায়িত্বত থকা সকলো সাংবাদিকে কৰিব লাগিব কৰ'ণা পৰীক্ষা । ক'ভিড-১৯ ৰ স্বাস্থ্যবিধি অনুসৰি ভোট গণনাৰ বাতৰি সংগ্ৰহৰ দায়িত্বত থকা সংবাদ মাধ্যমৰ প্ৰতিগৰাকী ব্যক্তিয়ে ক'ভিড পৰীক্ষা কৰাৰ লগতে প্ৰতিষেধক গ্ৰহণ কৰিব লাগিব ।
এই নিৰ্দেশনাৰ পাছতে যোৰহাট জিলা প্ৰশাসনে ৩০ এপ্ৰিলৰ পৰা ১ মে'লৈ সাংবাদিকসকলৰ বাবে কৰ'ণা পৰীক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰিছে । ইতিমধ্যে যোৰহাটৰ ভোট গণনাৰ দায়িত্বত থাকিবলগীয়া সাংবাদিকসকলে ক'ভিড পৰীক্ষা কৰা দেখা গৈছে ।