টীয়ক,৬ মে': ক'ভিড-১৯ মহামাৰীৰ বাবে নিৰ্বাচনী আয়োগে নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত ৰাজনৈতিক দলসমূহক বিজয় উৎসৱ পালনত বাধা আৰোপ কৰিছিল । কিন্তু আয়োগৰ নিৰ্দেশক বুঢ়া আঙুলি দেখুৱাই ক'ভিড বিধি উলংঘা কৰি একাংশই আয়োজন কৰিছে ভোজমেলৰ । যোৰহাটৰ টীয়কত ক'ভিড বিধি উলংঘা কৰা ঘটনাৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক আক্ৰমণ কৰিলে একাংশ লোকে ।
অভিযোগ উত্থাপিত হোৱা অনুসৰি, বুধবাৰে নিশা টীয়কৰ কমাৰচুকত মিত্ৰজোঁটৰ একাংশ সমৰ্থকে ৱাৰ্ড সদস্যৰ বাসগৃহত ভোজৰ আয়োজন কৰিছিল । এই বিষয়ে আৰক্ষীয়ে খবৰ পাই উক্ত স্থানত অভিযান চলাইছিল যদিও আৰক্ষী যোৱাৰ খবৰ পাই সকলো পলায়ন কৰে । ঘৰটোৰ চৌহদত ভাত ভৰ্তি কেৰাহী, খাদ্য খোৱাৰ বাবে ব্যৱহৃত প্লেট আদি পৰি থকা পৰিলক্ষিত হৈছিল ।
কিন্তু আৰক্ষী সেই স্থানৰ পৰা উভতি অহাৰ পাছত পুনৰ সকলো গোট খাই আনন্দ-উল্লাস কৰিবলৈ আৰম্ভ কৰে । উক্ত খবৰ পাই চৰকাৰৰ নিৰ্দেশক অৱমাননা কৰি ভোজৰ আয়োজন কৰা ঘটনাৰ বাতৰি সংগ্ৰহ কৰিবলৈ তাত উপস্থিত হয় সাংবাদিক দেৱজিৎ বৰা । কিন্তু সাংবাদিকগৰাকীয়ে সকলো দৃশ্য ৰেকৰ্ড কৰি থকা সময়তে সমৰ্থকসকলে তেওঁক আক্ৰমণ কৰে আৰু ম’বাইল, পৰিচয় পত্ৰ আৰু বুমৰ লগ' আদি কাঢ়ি নিয়ে ।