যোৰহাট, 6 মে’: সমগ্ৰ দেশৰ লগতে ৰাজ্যত কৰ’ণাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ মাজতে যোৰহাটত বৃহস্পতিবাৰে মুকলিকৈ ঘূৰি ফুৰিছে এজন কৰ’ণাক্ৰান্ত ৰোগীয়ে ৷ লোকজনৰ দেহত কৰ‘ণাৰ অৱস্থিতি ধৰা পৰাৰ পাচতো স্বাস্থ্য বিভাগে ল’বলগীয়া সাধাৰণ সুৰক্ষা ব্যৱস্থাৰ তুলুঙা দৃশ্য বন্দী হৈছে কেমেৰাত ৷
জিলাখনৰ প্ৰকাশ শৰ্মা নামৰ লোকজন কৰ’ণাত আক্ৰান্ত হোৱাৰ পাচত হাস্পতালত নিজে নিজে ভৰ্তি হ’বলৈ হাবাথুৰি খোৱা দৃশ্য কেমেৰাত বন্দী হৈছে । যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ বহিঃবিভাগত কেনেদৰে ভৰ্তি হ’ব পাৰি সেয়া অনুসন্ধান কৰিছে লোকজনে ৷ এগৰাকী সচেতন স্বাস্থ্যকৰ্মীয়ে সমগ্ৰ ঘটনা ম’বাইলেৰে ৰেকৰ্ড কৰি সাংবাদিকক প্ৰদান কৰে ৷