অসম

assam

By

Published : May 21, 2021, 9:19 PM IST

ETV Bharat / state

ভাৰতীয় জনতা পাৰ্টীৰ ক’ভিড সহায়ক কেন্দ্ৰ স্থাপন

ভাৰতীয় জনতা পাৰ্টীৰ কিষাণ মৰ্চাৰ ক’ভিড সহায়ক কেন্দ্ৰ স্থাপন ৷ ৰোগীসকলক বিনামূলীয়াকৈ মাস্ক, ছেনিটাইজাৰ বিতৰণ কৰাৰ লগতে চৰকাৰী নিৰ্দেশনা মানি চলিবলৈ আহ্বান মৰ্চাৰ ৷

covid help desk by bjp kishan marcha
ভাৰতীয় জনতা পাৰ্টি কিষান মৰ্চাৰ ক’ভিড সহায়ক কেন্দ্ৰ স্থাপন

টীয়ক,21 মে': ৰাজ্যত ব্যাপক হাৰত বৃদ্ধি পাইছে ক’ভিড-19 ত আক্ৰান্ত লোকৰ সংখ্যা ৷ ক্ৰমান্বয়ে অপ্ৰতিৰোধ্য হৈ পৰিছে ক’ভিডৰ গণ সংক্ৰমণ ৷ বৃদ্ধি হৈছে ক’ভিড আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৷ সময়ে সময়ে চৰকাৰে জাৰি কৰি আহিছে ক’ভিডৰ নতুন নীতি-নিৰ্দেশনা ৷ পৰিস্থিতিৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ক’ভিড সম্পৰ্কে জনসাধাৰণক সজাগ-সচেতন কৰাৰ উদ্দেশ্যে বিভিন্ন সময়ত চৰকাৰী অথবা বেচৰকাৰী সংস্থাৰ তৰফৰ পৰা চেষ্টা কৰি অহা হৈছে ৷ সমান্তৰালভাৱে জনসেৱাই সৰ্বোচ্চ কথাষাৰ সাৰোগত কৰি ভাৰতীয় জনতা পাৰ্টীৰ কিষাণ মৰ্চাই শুকুৰবাৰৰ পৰা অসমৰ প্ৰতিখন জিলাতে ৰাইজৰ সুবিধাৰ্থে ক’ভিড সহায়ক কেন্দ্ৰ স্থাপন কৰিছে ।

যোৰহাট জিলাৰ কিষাণ মৰ্চাৰ সভাপতি ত্ৰৈলোক্য ভূঞাৰ তৎপৰতাত তথা কেইবাগৰাকীও কৰ্মকৰ্তাৰ সহযোগত শুকুৰবাৰে টীয়ক এফআৰইউৰ প্ৰৱেশদ্বাৰত এই ক’ভিড সহায়ক কেন্দ্ৰ স্থাপন কৰি ৰোগীসকলক বিনামূলীয়াকৈ মাস্ক, ছেনিটাইজাৰ বিতৰণ কৰি চৰকাৰী সকলো নিৰ্দেশনা অৱলম্বন কৰিবলৈ আহ্বান জনায় । উল্লেখযোগ্য যে, এই কাৰ্যসূচী সমগ্ৰ ৰাজ্যৰ ১০খন জিলাত আৰম্ভ হৈছে ৷ পৰৱৰ্তী সময়ত অসমৰ প্ৰতিখন জিলাতে অতি সোনকালে আৰম্ভ কৰিব বুলি জানিবলৈ দিছে কাৰ্যকৰ্তাসকলে ।

লগতে পঢ়ক :এটা ট্ৰেন্সফৰ্মাৰক কেন্দ্ৰ কৰি সৃষ্টি সংঘাতৰ

ABOUT THE AUTHOR

...view details