টীয়ক,20 মে’:সমগ্ৰ ৰাজ্যতে এতিয়া ভয়াৱহ ৰূপ ধাৰণ কৰিছে ক’ভিডৰ দ্বিতীয় ঢৌৱে ৷ বিশেষকৈ চাহ বাগিচা অঞ্চলত ক’ভিডৰ সংক্ৰমণে সকলোকে আতংকিত কৰাৰ সময়তে, টীয়কৰ কাকজান চাহ বাগিচা কৰ্তৃপক্ষই বাগিচাৰ চিকিৎসালয়তে ক’ভিড কেয়াৰ চেণ্টাৰ স্থাপন কৰি এক আদৰ্শ প্ৰদৰ্শন কৰিছে ।
এছিয়াৰ ভিতৰতে দ্বিতীয় সৰ্ববৃহৎ এই কাকজান চাহ বাগিচাত আছে পাঁচটাকৈ ডিভিজন আৰু ইয়াৰ জনসংখ্যা প্ৰায় 13,000 গৰাকী । এই বাগিচাৰ কৰ্মচাৰী তথা শ্ৰমিকৰ সুবিধাৰ্থে বাগিচা কৰ্তৃপক্ষই সকলো চৰকাৰী ক’ভিড নীতি অৱলম্বন কৰি 21 খন বিচনাযুক্ত এটা ক’ভিড ৱাৰ্ড গঠন কৰি ইতিমধ্যে পাঁচগৰাকীকৈ ক’ভিড ৰোগীক চোৱা-চিতা কৰি আছে ।