যোৰহাট, 17 জুনঃ এতিয়াৰে পৰা যোৰহাট চহৰত মাক্স পৰিধান নকৰাকৈ ফুৰিলে ভৰিবলগীয়া হ'ব জৰিমনা ৷ যোৰহাট জিলাত কৰ'ণাৰ দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপ গ্ৰহণ কৰিছে যোৰহাট জিলা প্ৰশাসনে ৷ যোৰহাটত বৰ্তমান কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে মুঠ ১১৯ গৰাকীলৈ ৷
যোৰহাটত মাস্ক পৰিধান নকৰা লোকে এতিয়াৰে পৰা দিব লাগিব জৰিমনা - যোৰহাট
যোৰহাটত বৰ্তমান কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে মুঠ ১১৯ গৰাকীলৈ ৷ যোৰহাটত কৰ'ণাৰ ক্ৰমবৰ্ধমান স্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে গঠন কৰিব বিশেষ ট্ৰাস্ক ফৰ্ছ ৷
covid action taken by deputy commissioner in jorhat
বৃহস্পতিবাৰে জিলা প্ৰশাসনে গঠন কৰিব এটা বিশেষ ট্ৰাস্ক ফৰ্ছ ৷ মাক্স পৰিধাণ নকৰা লোকে ভৰিব লাগিব ৫০০ টকাকৈ জৰিমনা ৷ ইয়াৰোপৰি ৰৰৈয়া বিমান বন্দৰত স্বাৱ পৰীক্ষা কৰা হ'ব সকলো লোকৰে ৷ চিকিৎসক,আৰক্ষী, চৰকাৰী কৰ্মচাৰী,স্বাস্থ্যকৰ্মী সকলোৰে কৰা হ'ব স্বাৱ পৰীক্ষা ৷ চহৰ খনৰ ট্ৰাক আস্থানৰ লগতে সকলো চালক হেণ্ডিমেনৰো কৰা হ'ব স্বাৱ পৰীক্ষা ৷