যোৰহাট, 25 অক্টোবৰ: শাৰদীয় দূর্গা পূজাৰ আজি মহা নৱমী ৷ এইবাৰ পূজাত পূৰ্বৰ উৎসাহ নাই যদিও আজি যোৰহাটত পূজা চাবলৈ পাৰ ভাঙি ওলাই আহিল ৰাইজ ৷ স্বাস্থ্য বিভাগে সৰ্তক বাণী দিয়াৰ পিছতো নৱমীৰ দিনটোত যোৰহাটত সাধাৰণ ৰাইজে ভংগ কৰিলে চৰকাৰী নিৰ্দেশনা ৷ ষষ্ঠীৰ পৰা অষ্টমীৰ দিনলৈকে বতৰে বিধি পথালি দিয়াৰ বাবে চহৰখনত দৰ্শনাৰ্থীৰ বিশেষ ভিৰ পৰলক্ষিত হোৱা নাছিল যদিও নৱমীৰ দিনটোত যোৰহাট চহৰত দেখা গল ভক্তৰ ব্যাপক ভিৰ ৷ বহুতৰে মুখত নাই মাস্ক, নাই কোনো সামাজিক দুৰত্ব ৷
যোৰহাটত উলংঘন ক'ভিড প্ৰ'টকলঃ ভয়ংকৰ গণ সংক্ৰমণৰ আশংকা - Covid-19 protocol break at Jorhat in Navami
ষষ্ঠীৰ পৰা অষ্টমীৰ দিনলৈকে বতৰে বিধি পথালি দিয়াৰ বাবে চহৰখনত দৰ্শনাৰ্থীৰ বিশেষ ভিৰ পৰলক্ষিত হোৱা নাছিল যদিও নৱমীৰ দিনটোত যোৰহাট চহৰত দেখা গল ভক্তৰ ব্যাপক ভিৰ ৷
![যোৰহাটত উলংঘন ক'ভিড প্ৰ'টকলঃ ভয়ংকৰ গণ সংক্ৰমণৰ আশংকা Covid-19 protocol break at Jorhat in Navami](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9310312-785-9310312-1603638760568.jpg)
যোৰহাটত উলংঘন ক'ভিড প্ৰ'টকলঃ ভয়ংকৰ গণ সংক্ৰমণৰ আশংকা
যোৰহাটত উলংঘন ক'ভিড প্ৰ'টকলঃ ভয়ংকৰ গণ সংক্ৰমণৰ আশংকা
ইয়াৰ মাজতে মাস্ক পৰিধান নকৰা সকলৰ বিৰুদ্ধে কঠোৰ হোৱা দেখা গল প্ৰশাসনৰ লোক ৷ একাংশক বাধ্য কৰোৱা হৈছে মাস্ক পৰিধান কৰিবলৈ ৷ চৰকাৰী নিয়ম অনুসৰি মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দূৰত্ব বাধ্যতামূলক আছিল যদিও এই সকলো নিয়ম অমান্য কৰাৰ বাব যোৰহাটত পুনৰ ক'ভিডৰ ভয়ংকৰ গণ সংক্ৰমণ হোৱাৰ আশংকা কৰিছে সচেতন মহলে ৷
লগতে পঢ়কঃ মন্ত্ৰী হিমন্তক লগত লৈ পাণ্ডুৰ পূজাস্থলীত মুখ্যমন্ত্ৰী সোণোৱাল